ডেৰ বছৰৰ পাছত বিদেশী পর্যটকৰ বাবে মুকলি হ’ব ভাৰতৰ দুৱাৰ

travel children

কৰ’না ভাইৰাছৰ সংক্রমণ হ্রাসৰ প্রতি লক্ষ্য ৰাখি ডেৰ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে বিদেশী পর্যটকৰ বাবে ভাৰতৰ দুৱাৰ মুকলি কৰা হ’ব।

উল্লেখ্য যে ক’ভিড-১৯ৰ ব্যাপক সংক্রমণৰ পৰিপ্ৰেক্ষিতত ২০২০ৰ মাৰ্চৰ পৰা দেশব্যাপী ঘােষণা কৰা তলাবন্ধত ভাৰতৰ পর্যটন, আতিথ্য আৰু বিমানসেৱা খণ্ড সর্বাধিক প্রভাৱিত হৈছিল।

কৰ’নাৰ সংক্রমণ নিয়ন্ত্রিত হােৱাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে বিদেশী পর্যটকৰ বাবে দেশৰ দুৱাৰ পুনৰ মুকলি কৰাৰ যাে-জা চলাইছে।

এই সন্দৰ্ভত আগন্তুক ১০ দিনৰ ভিতৰতে কেন্দ্রীয় চৰকাৰে আনুষ্ঠানিক ঘােষণা কৰাৰ সম্ভাৱনা আছে। ২০২০ৰ মাৰ্চৰ পৰা ভাৰতে বিদেশী পর্যটকৰ বাবে কোনাে ই-পর্যটক ভিছা জাৰি কৰা নাই।

Exit mobile version