বাল্য বিবাহক পৰোক্ষভাৱে আইনগত স্বীকৃতি প্ৰদানক লৈ ৰাজস্থানত ব্যাপক প্ৰতিক্ৰিয়া

child marriage 1

বিবাহ সম্পন্ন হােৱাৰ ৩০ দিনৰ ভিতৰত পঞ্জীয়ন কৰাব লাগিব বিবাহৰ। এই নতুন বিধেয়ক গৃহীত হ’ল ৰাজস্থান বিধানসভাত । এই আইনক লৈ তীব্র ক্ষোভ প্ৰকাশ কৰিলে বিজেপিয়ে।

বিৰােধী দলটোৱে অভিযােগ কৰা অনুসৰি এনে আইন প্রৱর্তনৰ জৰিয়তে পৰােক্ষভাৱে ৰাজ্যখনত বাল্য বিবাহক স্বীকৃতি দিলে অশােক গেহলটৰ চৰকাৰে।

নতুন বিবাহ আইনত উল্লেখ কৰা অনুসৰি, বিবাহৰ ৩০ দিনৰ ভিতৰত দৰা আৰু কইনাই পঞ্জীয়ন বিষয়াৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিব লাগিব। বিবাহিত দম্পতীয়ে কোনাে অঞ্চলত ৩০ দিনৰ অধিক বাস কৰিলে সেই অঞ্চলৰ বিবাহ পঞ্জীয়ন বিষয়াৰ স’তে যােগাযােগ কৰিব পাৰিব।

আনকি নাবালক-নাবালিকা আৰু তেওঁলােকৰ পৰিয়ালেও বিবাহৰ ৩০ দিনৰ ভিতৰত পঞ্জীয়নৰ বাবে আবেদন দাখিল কৰিব পাৰিব । বিজেপিৰ অভিযােগ অনুসৰি, এই আইন প্ৰৱর্তনৰ ফলত বাল্য বিবাহে ৰাজ্যখনত আইনগত স্বীকৃতি লাভ কৰিব।

কিন্তু গেহলট চৰকাৰৰ দাবী অনুসৰি, বিবাহৰ পঞ্জীয়নহে বাধ্যতামূলক কৰা হৈছে যাৰ ফলত অবৈধ বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ কৰিব পৰা যাব।

Exit mobile version