‘বিগ বছ’ সঞ্চালনা কৰাৰ বাবদ কিমান টকা লয় ছলমানে !

salman khan at the launch episode of bigg boss 759

‘বিগ বছ’ৰ পৰৱৰ্তী ছিজন অক্টোবৰত আৰম্ভ হ’বলৈ সাজু হৈছে । ১৪ সপ্তাহৰ বাবে ৰিয়েলিটি শ্ব’টো সঞ্চালনা কৰিব তাৰকা ছলমান খানে । বিগত ১১ টা ছিজন হোষ্ট কৰি আহিছে ছলমানে।

তথ্য অনুসৰি পাৰিশ্ৰমিকৰ পৰিমাণ বৃদ্ধি কৰিছে অভিনেতাগৰাকীয়ে ।

‘বিগ বছ’ৰ প্ৰথম ছিজনৰ হোষ্ট আছিল অভিনেতা আৰ্শাদ ৱাৰ্চী ।দ্বিতীয় ছিজনৰ দায়িত্বত আছিল অভিনেত্ৰী শিল্পা চেট্টী ।

অমিতাভ বচ্চন আছিল তৃতীয় চিজনৰ সঞ্চালক। চতুৰ্থ ছিজনৰ পৰা চলিত ছিজনলৈকে দায়িত্ব বহন কৰিছে অভিনেতা ছলমান খানে।

‘বিগ বছ’ৰ অন্তিম ছিজনৰ পূৰ্বে ছলমানৰ পাৰিশ্ৰমিকৰ পৰিমাণ প্ৰকাশ পাইছিল। ছলমানে চতুৰ্থৰ পৰা ষষ্ঠ ছিজনত প্ৰতিটো খণ্ডত ২.৫ কোটি টকা লৈছিল।

তেওঁ সপ্তম চিজনত প্ৰতি সপ্তাহত পাঁচ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিল। ছলমানক ‘বিগ বছ’ ১৩ ত প্ৰতি সপ্তাহত ১৩ কোটি টকা পৰিশোধ কৰা হৈছিল।

এইবাৰ সেই পাৰিশ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে। তথ্য অনুসৰি পৰৱৰ্তী ছিজনত প্ৰতি সপ্তাহত ২৫ কোটি টকা ল’ব অভিনেতাগৰাকীয়ে । ১৪ সপ্তাহত মুঠ ৩০০ কোটি টকা লব ছলমানে।

সঞ্চালক হিচাপে ছলমানক নিযুক্তি কৰা হ’লেও প্ৰতিযোগিৰ তালিকা বৰ্তমানলৈকে প্ৰকাশ কৰা নাই।

Exit mobile version