Latter to Modi-Shah :হত্যাৰ ভাবুকি ,মোদী -শাহক পত্ৰ লিখিলে দুই মহিলা কাউন্সিলে

1632104372 amit shah and narendra modi

হত্যাৰ ভাবুকি পাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক পত্ৰ লিখি অভিযোগ জনালে কেৰালা বিজেপিৰ দুগৰাকী মহিলা কাউন্সিলে।

অভিযোগৰ মতে,এক দলীয় বৈঠকত তেওঁলোকক অপমান কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিছিল দলৰেই এজন নেতাই।ঘটনাটো সংঘটিত হৈছে কেৰালাৰ বিজেপি নিয়ন্ত্ৰিত পালাক্কাড পৌৰসভাত । দুয়োগৰাকী মহিলা কাউঞ্চিলৰ আছিল প্ৰমীলা শশীধৰণ আৰু মিনি কৃষ্ণ কুমাৰ।

প্ৰমীলা বিগত ২০ বছৰ ধৰি বিজেপিত আছে। মিনি কৃষ্ণ কুমাৰ কেৰালাৰ ৰাজ্যিক সভাপতি চি কৃষ্ণ কুমাৰৰ পত্নী। তেওঁলোক দুয়োজনে লিখা এখন পত্ৰ অনুসৰি, পালাক্কাডৰ বিজেপি মণ্ডলসভাপতি আৰু পৌৰ স্বাস্থ্য বিভাগৰ অধ্যক্ষ পি স্মিথেশে ২৬ আগষ্টত দলীয় বৈঠকৰ স’তে অসন্মত হোৱাৰ বাবে তেওঁলোকক হাৰাশাস্তি আৰু অপমান কৰিছিল।

কেৱল সেয়াই নহয়, তেওঁলোকক হত্যাৰ ভাবুকিও দিয়া হৈছিল বুলি প্ৰমীলা আৰু মিনিয়ে পত্ৰখনত উল্লেখ কৰে । তেওঁলোকে প্ৰথমতে ঘটনাটো কেৰালাত বিজেপিৰ ৰাজ্যিক সংগঠনক জনায়।

যিহেতু এই ঘটনাৰ সন্দৰ্ভত মহিলা দুগৰাকীয়ে কোনো ফলাফল নাপাই, তেওঁলোকে বিষয়টো পোনপটীয়াকৈ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক জনোৱাৰ সিদ্ধান্ত লয়।

অৱশ্যে, পি স্মিথেশে প্ৰথমতে গোচৰটো অস্বীকাৰ কৰে আৰু কয় যে সেই সভাত এনে কোনো ঘটনা সংঘটিত হোৱা নাছিল! অৱশ্যে, প্ৰমিলাদে দাবী কৰে যে ঘটনাটোৱে দলৰ ভিতৰত মহিলাৰ স্থিতিসম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে, সংবাদ মাধ্যমৰ সূত্ৰঅনুসৰি, বিজেপিৰ কেৰালা ৰাজ্যিক শাখাৰ নেতাসকলৰ হস্তক্ষেপৰ পাছত পি স্মিথেশে তেওঁৰ আচৰণক লৈ দুখ প্ৰকাশ কৰে। কিন্তু নিগমৰ প্ৰাক্তন অধ্যক্ষা প্ৰমীয়ে দাবী কৰে, “কেৱল অনুতাপ প্ৰকাশ কৰি একো নহ’ব। দলটোৱে স্মিথেশৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগিব। ”

Exit mobile version