শিশুসকলৰ ওপৰত টিকাৰ পৰীক্ষণ সমাপ্ত ক’ভেক্সিনৰ, ডিচিজিআই-ক তথ্য প্ৰেৰণ

shutterstock 1962354730 h1

দুইৰ পৰা ১৮ বছৰ বয়সৰসকলৰ ওপৰত কৰ’না প্রতিষেধকৰ যি পৰীক্ষামূলক প্রয়োগ কৰা হৈছে, তাৰ অন্ত পৰিছে বুলি জনাইছে ক’ভেক্সিন প্ৰস্তুতকাৰী সংস্থা ভাৰত বায়’টেকে । আগন্তুক সপ্তাহৰ ভিতৰতে সকলো তথ্য নিয়ন্ত্রক সংস্থা ড্রাগ কন্ট্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ক প্ৰেৰণ কৰা হ’ব বুলি জনাইছে হায়দৰাবাদৰ এই প্রতিষেধক প্ৰস্তুতকাৰী সংস্থাই ।

ভাৰত বায়’টেকৰ মেনেজিং ডিৰেক্টৰ কৃষ্ণ এল্লাই আজি জনায়, শিশু আৰু কিশোৰসকলৰ (২-১৮ বছৰ) প্রতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্রয়োগ সম্পন্ন হৈছে । সকলো তথ্য বিশ্লেষণৰ প্রক্রিয়া চলিছে । অহা সপ্তাহৰ ভিতৰত নিয়ন্ত্রক সংস্থাক জমা দিয়া হ’ব । এই পৰীক্ষামূলক প্রয়োগত হেজাৰৰো অধিক স্বেচ্ছাসেৱকে অংশগ্রহণ কৰিছিল বুলিও তেওঁ জনায় ।

ক’ভেক্সিন উৎপাদনৰ বিষয়ত এল্লাই জনায়, অহা অক্টোবৰত ৫,৫০০ কোটি অতিক্ৰম কৰিব সংস্থাৰ প্রতিষেধকে । তেওঁ লগতে জনায়, ছেপ্টেম্বৰৰ ভিতৰতেই তেওঁলোকৰ সংস্থাৰ ইন্ট্রানেজাল প্রতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষামূলক প্রয়োগ শেষ হ’ব । ৬৫০ স্বেচ্ছাসেৱকৰ ওপৰত এই পৰীক্ষামূলক প্রয়োগ কৰা হৈছিল । তেওঁলোকক তিনটা দলত ভাগ কৰি পৰীক্ষা কৰা হয় । প্রথম দলক কোভেক্সিনৰ প্রথম ড’জ আৰু ইন্ট্রানেজাল প্রতিষেধকৰ দ্বিতীয় ড’জ দিয়া হয় । দ্বিতীয় দলটোক ইন্ট্রানেজাল প্রতিষেধকৰ দুটা ড’জেই দিয়া হয় । তৃতীয় দলটোক প্রথমে ইন্ট্রানেজাল প্রতিষেধক আৰু পাছত ক’ভেক্সিনৰ দ্বিতীয় ড’জ দিয়া হয় । প্রতিটো ক্ষেত্রতেই প্রথম পৰ্যায়ৰ প্রতিষেধক দিয়াৰ ২৮ দিন পাছত দ্বিতীয় ড’জ দিয়া হয় ।

ইপিনে, এক গৱেষণাত দেখা যায় যে, আগষ্টৰ শেষত দেশত আৰ ভেলু ১.১৭ আছিল, এই ভেলু ছেপ্টেম্বৰৰ মাজ ভাগলৈকে কমি ০.৯২ হয় । আৰ ভেলু বা ৰিপ্র’ডাকটিভ ভেলু হ’ল, এজন ব্যক্তিয়ে কেইজনক সংক্রমিত কৰিব পাৰে সেই সংখ্যা ।

গৱেষক দলটোৰ নেতৃত্বত আছিল চেন্নাইৰ ইনষ্টিটিউট অৱ মেথামেটিকেল ছায়েন্সেছৰ সীতাভ্র সিন্হা । তেওঁ জনা‌য়, দেশত আৰ ভেলু একৰ তলত হোৱাৰ বাবে উদ্বেগ কমিছে । যদিও মুম্বই (১.০৯), কলকাতা (১.০৪), চেন্নাই (১.১১), বেংগালুৰুৰ (১.০৬) দৰে বৃহৎ চহৰত আৰ ভেলু একৰ ওপৰতেই আছে । দিল্লী আৰু পুনেত অৱশ্যে একৰ কম ।

দেশত মহাৰাষ্ট্র আৰু কেৰালাৰ সংক্রমণক লৈ উদ্বিগ্ন হৈ আছিল বিশেষজ্ঞসকল । কিন্তু গৱেষকসকলে জনাইছে, দুয়োখন ৰাজ্যতেই আৰ ভেলু একৰ কম ।

স্বাস্থ্য মন্ত্রণালয়ে জনায়, কালিৰ তুলনাত আজি কৰ’না সংক্রমণ ১৩.৬ শতাংশ কমিছে । দৈনিক সংক্রমণৰ হাৰ ১.৮৫ শতাংশ ।

Exit mobile version