জানেনে ওজন কামোৱাত সহায় কৰে এইসমূহ মছলাই ?

ওজন হ্ৰাস কৰিবলৈ প্ৰথমে আপোনাৰ খাদ্যৰ তালিকা সলনি কৰিব লাগিব। খাদ্যৰ তালিকাত ৰাখিব লাগিব পুষ্টিকৰ খাদ্য । নিয়মীয়া শৰীৰ চৰ্চা আৰু সুষম খাদ্যৰ জৰিয়তে দ্ৰুত গতিত ওজন হ্ৰাস কৰাৰ সম্ভৱ ।

অৱশ্যে, পাকঘৰত কিছুমান মচলা আছে যিবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে।বিশেষকৈ আয়ুৰ্বেদে শাস্ত্ৰত ওজন হ্ৰাস কৰাৰ ঔষধ হিচাপে কে’বাটাও মচলাৰ উপকাৰিতা সম্পৰ্কে কোৱা হয়।

জানি লওক ওজন হ্ৰাস কৰা এই কেইবিধ মচলা কি কি ?

হালধি

হালধিত এণ্টি বেক্টেৰিয়া, এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি-ভাইৰেল গুণ থাকে। ই যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। এই উপাদানটোৱে পাচন তন্ত্ৰশক্তিশালী কৰে আৰু বিপাক বৃদ্ধি কৰে। আপোনাৰ খাদ্যৰ তালিকাত হালধি ৰাখিব পাৰে ।

ডালচেনি

ডালচেনিৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ইয়াত এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে। প্ৰতিৰাতি ডালচেনি তিয়াই থোৱা পানী খালে বিপাকীয় হাৰ বৃদ্ধি হয়। ইয়াৰ ফলত দ্ৰুত ওজন হ্ৰাস হয়। নিয়মীয়াকৈ ডালচেনি চাহ খালে বহুতো লাভালাভ হয়।

জিৰা

জিৰা পানীয়ে বিভিন্ন স্বাস্থ্য সমস্যা সমাধান কৰে। ৰাতি এক চামুচ জিৰা গুটি তিয়াই ৰাতিপুৱা সেই পানী খালে সোনকালে ওজন হ্ৰাস হয়। জিৰাগুটি পানীত উতলাই চাহ বনাই খাব পাৰে।

মেথিৰ গুটি

মেথি গুটিত যথেষ্ট ফাইবাৰ থাকে। যি য়ে দীঘলীয়া সময়ৰ বাবে পেট ভৰ্তি কৰি ৰাখে। মেথিয়ে অতিৰিক্ত কেলৰি গ্ৰহণ প্ৰতিহত কৰে। ফলস্বৰূপে, ওজন দ্ৰুতগতিত হ্ৰাস হয়। গতিকে আপুনি আপোনাৰ আহাৰত মেথি ৰাখিব পাৰে। মেথিত তিয়াই থোৱা পানী শৰীৰৰ বাবে যথেষ্ট উপকাৰী।

 

ইলাচী

ৰাতি গৰম পানীত ইলাচী উতলাই খালে বিপাকীয় হাৰ বৃদ্ধি কৰে। ইলাচীত মেলাটোনিন থাকে, যি বিপাকীয় হাৰ বৃদ্ধি কৰে। বিপাকীয় হাৰ বৃদ্ধি হোৱাৰ লগে লগে শৰীৰৰ চৰ্বি দ্ৰুতগতিত হ্ৰাস হয়।

ক’লা জালুক

ক’লা জালুকে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ বিভিন্ন স্বাস্থ্য লাভালাভ আছে। আপোনাৰ গ্ৰীণ টিত নিয়মীয়াকৈ এক চিমুটি জালুক খাব পাৰে। দিনত দুই বা তিনিবাৰ এই গ্ৰীণ টি সেৱ কৰিলে ভাল ফলাফল পোৱা যাব। ক’লা জালুকত থকা ফাইটোনিউট্ৰিয়েণ্টে শৰীৰত অতিৰিক্ত চৰ্বি গলোৱাত সহায় কৰে।

Exit mobile version