ধিঙৰ ৰৌমাৰীত উদ্ধাৰ দুটাকৈ শক্তিশালী বোমা

নগাঁও জিলাৰ ধিঙৰ টুকটুকী সমীপৰ ৰৌমাৰীৰ মাইনুল হক নামৰ এজন লোকৰ ঘৰৰ ধান-খেৰৰ মেজিৰ পৰা আজি উদ্ধাৰ হয় দুটাকৈ শক্তিশালী বোমা । এই ঘটনাক কেন্দ্র কৰি বৰ্তমানে সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে । বোমা বিস্ফোৰণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিল অঞ্চলবাসী । কিন্তু, ঘটনাৰ লগত জড়িত এজনকো আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

ADVERTISEMENT

উল্লেখ্য যে, যোৱা নিশা নগাঁও আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি বৃহৎ সংখ্যক সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানক লগত লৈ টুকুটুকীৰ ৰৌমাৰীৰ মাইনুল হক নামৰ লোকজনৰ ঘৰত তালাচী অভিযান চলায় যদিও কোনো ধৰণৰ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । কিন্তু, আজি পুৱা মাইনুলে গৰুক খেৰ দিবৰ বাবে ধানৰ মেজিৰ পৰা খেৰ আনিবলৈ যাওঁতেই এই বোমা দুটা প্ৰত্যক্ষ কৰি স্থানীয় গাঁও বুঢ়াৰ লগতে আহোম গাঁও উপ আৰক্ষী চকীত খবৰ দিয়ে । পাছত ১০:৩০ বজাত ঘটনাস্থলীত উপস্থিত হৈ আহোম গাঁও আৰক্ষীয়ে দুটাকৈ বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু, মাইনুল হকে তেওঁক ৰৌমাৰীৰ ৰফিকুল, হবিবুৰ, আজিজুল আৰু চাইফুলে ষড়যন্ত্রমূলকভাৱে এনে কাণ্ড কৰি তেওঁক মাটি-বাৰীৰ বাবেই ফচোৱা বুলি অভিযোগ কৰিছে ।

আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব মাইনুল হকৰ ঘৰত ক’ৰ পৰা কেনেকৈ বোমা আহিল ? নে মাইনুল কোনো জেহাদি সংগঠনৰে জড়িত সেয়া নগাঁও আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব ।

Exit mobile version