নতুন এছঅ’পি ঘোষণা কৰি যাত্ৰাদলক নাটক পৰিবেশনৰ সুবিধা প্ৰদানৰ দাবী সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ

WhatsApp Image 2021 09 23 at 8.33.49 PM

দুৰ্গাপূজাৰ এৰাব নোৱাৰা অংগ যাত্ৰাদল সমূহক নাট পৰিবেশন কৰিবলৈ পূজাৰ পূৰ্বে নতুন এছঅ’পি ঘোষণা কৰি অনুমতি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাই ।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে এই দাবী জনাই সন্তগাৰ সভাপতি নব শৰ্মাই কয়, ‘ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পৰিৱেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । যাৰ বাবে অসম চৰকাৰে ক’ভিড বিধি মানি দুৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে । দুৰ্গাপূজাৰ এক এৰাব নোৱাৰা অংগ হৈছে যাত্ৰাদল । এই সময়ছোৱাৰ বাবেই যাত্ৰাদলৰ শিল্পী কলা-কুশলী হেঁপাহেৰে ৰৈ থাকে । যোৱা দুটা বছৰে শিল্পীসকল মঞ্চত উঠা নাই । এইবাৰ যিহেতু দূৰ্গাপূজা অনুষ্ঠিত হ’ব সেয়েহে যাত্ৰাদলে নাটক পৰিবেশন কৰিব পৰাকৈ চৰকাৰে যেন এক নতুন এছঅ’পি ঘোষণা কৰে । আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ পৰা ইতিবাচক সঁহাৰি পাম বুলি আশা কৰিলো ।

লগতে, বিগত দুটা বছৰে অসমৰ যাত্ৰাদল প্ৰযোজকসকলে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা চৰকাৰখনে কিন্তু একে সময়তে যাত্ৰাদলৰ প্ৰযোজকসকলক উপেক্ষা তথা অনাদৰ কৰি আহিছে । আমি যাত্ৰাদলৰ প্ৰযোজক সন্থাৰ তৰফৰ পৰা যাত্ৰাদলৰ প্ৰযোজকসকলক অতি কমেও পাঁচ লাখ টকা ক্ষতিপূৰণ দিয়াৰ বাবে অনুৰোধ জনালো । লগতে, যাত্ৰাদলৰ অভিনেতা-অভিনেত্ৰী , শিল্পী, কলা-কুশলীক এককালীন আৰ্থিক সাহায্য দিয়াৰ বাবে দাবী উত্থাপন কৰিলো ।

ইয়াৰ লগতে যাত্ৰাদলৰ প্ৰযোজক, শিল্পী, কলা-কুশলীক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা আৰু অসমত যিমানবোৰ টোলগেট আছে তাত প্ৰতিটো যাত্ৰাদলৰ বাহনসমূহৰ কৰ উঠাই দিয়াৰ দাবী জনালো ।’

Exit mobile version