ইতিহাস অনুসৰি, হেজাৰ বছৰ আগতেই ইজিপ্তত প্ৰথম বীয়েৰ উৎপাদন কৰা হৈছিল । কিন্তু, ১৯ শতিকাত বীয়েৰ বটলত ভৰাবলৈ আৰম্ভ কৰা হয় । সেই সময়ত, বীয়েৰ উৎপাদকসকলে এই পানীয়ৰ সোৱাদ আৰু গোন্ধ সঠিক ৰাখিবলৈ স্বচ্ছ কাঁচৰ বটলত ৰাখিবলৈ আৰম্ভ কৰিছিল ।
ইয়াৰ ফলতেই সমস্যা আৰম্ভ হয় । বীয়েৰ নিৰ্মাতাসকলে লক্ষ্য কৰে যে বগা কাঁচৰ বটলত বীয়েৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ অহাৰ লগে লগে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত কেইঘণ্টামানৰ ভিতৰত সোৱাদ আৰু গোন্ধ হেৰাই যায় ।
বহুতো পৰীক্ষাৰ পাছত, দেখা যায় যে গাঢ় ৰঙৰ বটলত সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ কিছু হ্ৰাস পায় । মুগা ৰঙৰ বটলত বীয়েৰ ভাল হৈ থাকে । তেতিয়াৰ পৰাই, বীয়েৰ মুগা ৰঙৰ বটলত ভৰোৱা হয় ।
সমগ্ৰ পৃথিৱীত বীয়েৰৰ চাহিদা বাঢ়ি অহাৰ লগে লগে সেউজীয়া ৰঙৰ বটলৰ ব্যৱহাৰ আৰম্ভ কৰা হয় । দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, মুগা বটলৰ অভাৱৰ বাবে বীয়েৰক ডাঠ সেউজীয়া বটলত ৰখা হৈছিল । তেতিয়াৰ পৰা মুগা আৰু সেউজীয়া বীয়েৰৰ বটল প্ৰচলিত হৈ আহিছে ।
বৰ্তমান বীয়েৰ নিৰ্মাণ কোম্পানীবোৰে বীয়েৰৰ সোৱাদ ভালে ৰাখিবলৈ কাঁচৰ বটলত অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধী আৱৰণ ব্যৱহাৰ কৰে ।