IPO in Nasdaq : নিউয়ৰ্কৰ শ্বেয়াৰ বজাৰত আইপিঅ’ দিয়াৰ পাছতেই কোটিপতি ভাৰতীয় সংস্থাৰ পাঁচ কৰ্মচাৰী

freshworks nasdaq1

১১ বছৰ আগতে তৈয়াৰ কৰা হৈছিল সংস্থা । নাম ‘ফ্রেছৱর্ক্স’ । ছফ্টৱেৰৰ কাম কৰা এই সংস্থাই সম্প্রতি নিউয়র্কৰ শ্বেয়াৰ বাজাৰত (নেছডেক) আইপিঅ’ (ইনিছিয়েল পাবলিক অফাৰিং) দিছে । ইয়াৰ পাছতেই সংস্থাৰ শ্বেয়াৰৰ মূল্য ৩২ শতাংশ বাঢ়িছে । ফলত একে ঢাপে বাঢ়ি যায় সংস্থাৰ বাজাৰমূল্য । যাৰ সুফল লাভ কৰিছে সংস্থাৰ অধিকসংখ্যক কর্মচাৰীয়ে । পাঁচশৰো অধিক কর্মচাৰী এটা নিশাতে কোটিপতি হৈছে ।

এই ঘটনাৰ পাছতেই সংস্থাৰ প্রতিষ্ঠাতা গিৰীশ মাথ্রুবুথাম আৰু তেওঁৰ সহযোগী ছন কৃষ্ণস্বামী সংস্থাৰ গ্রাহক, বিনিয়োগকাৰী, সহযোগী আৰু সর্বোপৰি কর্মচাৰীসকলক শুভেচ্ছা জনাইছে । টুইট কৰি মাথ্রুবুথামে কয়, ‘মোৰ সপোন পূৰণ হ’ল । ইমান কম সময়তে এই কৃতিত্বৰ বাবে গর্বিত । সংস্থাক এই স্থানত উপনীত কৰা সংস্থাৰ সকলো গ্রাহক, বিনিয়োগকাৰী আৰু কর্মচাৰীসকলক ধন্যবাদ জনাইছো ।’

সংস্থাত সম্প্ৰতি প্রায় চাৰি হেজাৰ তিনিশ কর্মচাৰী আছে । তেওঁলোকৰ ভিতৰত ৭৬ শতাংশ কর্মচাৰী সংস্থাৰ শ্বেয়াৰৰ মালিক । শ্বেয়াৰৰ মূল্য বঢ়াত পাঁচশৰো অধিক কর্মচাৰী কোটিপতি হৈছে । তেওঁলোকৰ ভিতৰত ৭০ জন কর্মচাৰীৰ বয়স ৩০ বছৰৰ কম । চেন্নাই, বেংগালুৰু আৰু হায়দৰাবাদত সংস্থাৰ কাৰ্যালয় আছে । প্রথম কাৰ্যালয় খোলা হৈছিল চেন্নাইত । বর্তমান তেওঁলোকৰ কাৰ্যালয় ছিলিকন ভেলীত ।

Exit mobile version