Aditya Chopra : চাৰিখন ছবিৰ বাবদ চাৰিশ কোটি ! অ’টিটি প্লেটফর্মৰ প্ৰস্তাৱ নাকচ আদিত্যৰ

aditya chopra yrf deal 400 crore

বিনোদন জগতৰ ছবি সলনি কৰিছে অতিমাৰীয়ে । দীর্ঘদিন ধৰি প্রেক্ষাগৃহবোৰ বন্ধ হৈ থকাৰ বাবে গা কৰি উঠিছে অ’টিটি প্লেটফর্মবোৰে । ছলমান খান, অক্ষয় কুমাৰ, অজয় দেবগণৰ দৰে তাৰকাসকলেও তেওঁলোকৰ ছবি অ’টিটি প্লেটফর্মত মুকলি কৰিছে । কিন্তু এজন প্রযোজকে এই পর্যন্ত এই পথত যোৱা নাই, যশৰাজ ফিল্মছৰ আদিত্য চোপ্ৰা । অতিমাৰী কালতো তেওঁ তেওঁৰ কোনো ছবি অ’টিটি প্লেটফর্মত মুকলি কৰাৰ পক্ষপাতী নহয় ।

ইতিমধ্যে ‘বান্টি অ‌ওৰ বাবলি ২’, ‘শ্বামছেৰা’, ‘পৃথ্বীৰাজ’, ‘জয়েশভাই জোৰদাৰ’-ৰ দৰে একাধিক বৃহৎ বাজেটৰ ছবি তৈয়াৰ কৰিছে আদিত্য‌ই । অতিমাৰীৰ ফলত ১৮ মাহ ধৰি এই ছবিৰ মুক্তি তেওঁ স্থগিত কৰি ৰাখিছে ।

খবৰ, এই ছবিবোৰ অ’টিটি প্লেটফর্মত মুক্তি দিয়াৰ প্রস্তাৱ আহিছিল । অমাজন প্রাইমে আদিত্যৰ স’তে এই চাৰিখন ছবিৰ বিনিময়ত চাৰিশ কোটি টকা দিয়াৰ চুক্তি কৰিব বিচাৰিছিল । কিন্তু সেই প্রস্তাৱ নাকচ কৰে আদিত্য‌ই । ‘শ্বামছেৰা’, ‘পৃথ্বীৰাজ’ তালিকাৰ পৰা বাদ পৰিলেও ‘বান্টি অওৰ বাবলি ২’, ‘জয়েশভাই জোৰদাৰ’-ৰ স্বত্ত্ব বিক্রীৰ বাবে আদিত্যক মান্তি কৰাৰ চেষ্টা কৰিছিল । কিন্তু তেওঁ নিজৰ সিদ্ধান্ততে অটল থাকে । অতি শীঘ্রেই প্রেক্ষাগৃহত এই ছবিবোৰ মুক্তিৰ দিন ঘোষণা কৰিব পৰিচালকে ।

Exit mobile version