পি এম-কেয়াৰ্ছ পুঁজি চৰকাৰী নহয় : জনালে কেন্দ্ৰই

কৰ’না কালত ভাঙি পৰিছিল দেশৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ পৰা বিত্তীয় ব্যৱস্থালৈকে সকলাে। তদুপৰি আছিল প্রাকৃতিক দুর্যোগৰ মাধমাৰাে।

ADVERTISEMENT

এনে পৰিস্থিতিতে যােৱা বছৰত কেন্দ্রীয় চৰকাৰে গঠন কৰিছিল পি এম কেয়াছ পুঁজি। জৰুৰীকালীন অৱস্থাত নাগৰিকক সহায় আৰু সাহায্য প্রদানৰ বাবে গঠন কৰা হৈছিল প্রধানমন্ত্রীৰ এই বিশেষ পুঁজি।

আইন অনুসৰি, ই এক দাতব্য ন্যাসৰ অধীনস্থ। কিন্তু কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা অনুসৰি, পি এম কেয়াৰ্ছ পুঁজিৰ ধন ভাৰত চৰকাৰৰ নহয়।

অর্থাৎ কেন্দ্রীয় চৰকাৰৰ যি ‘কনচ’লিডেটেড’ পুঁজি আছে, পি এম কেয়াৰ্ছ ইয়াৰ অন্তর্ভুক্ত নহয়। প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা অনুসৰি, পি এম কেয়াছ ন্যাসে লাভ কৰা সমগ্র পুঁজি অনলাইন পেমেন্ট, চেক বা ডিমাণ্ড ড্রাফটৰ জৰিয়তে লাভ কৰিছিল।

প্রাপ্ত ধনৰ পৰিমাণ অডিটৰৰ জৰিয়তে অডিট কৰা হয় আৰু ৱেবছাইটত যি পৰিসংখ্যা প্রকাশ কৰা হৈছে সেয়া হৈছে এই ন্যাসৰ ব্যয়।

Exit mobile version