‘বিগ বছ’ৰ ১৪ সপ্তাহত ৩৫০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ ছলমানৰ

salmankhan

আৰু মাত্র কেইদিনমানৰ অপেক্ষা। অহা দুই অক্টোবৰৰ পৰা টেলিভিছনত প্ৰদৰ্শন আৰম্ভ হ’ব ‘বিগ বছ-১৫’ৰ। ইতিমধ্যে ‘বিগ বছৰ এই নতুন খণ্ডৰ প্ৰতিযােগীৰ নাম চূড়ান্ত কৰা হৈছে।

আনবাৰৰ দৰে এইবাৰাে ‘বিগ বছ’ৰভূমিকাত অৱতীৰ্ণ হ’ব বলিউডৰ মহাতাৰকা অভিনেতা ছলমান খান। প্রকাশিত বাতৰি অনুসৰি, ‘বিগ বছ-১৫’ৰ বাবে ছলমানে নিজৰ পাৰিশ্ৰমিক যথেষ্ট বৃদ্ধি কৰিছে।

১৪ সপ্তাহৰ ৰিয়েলিটী শ্ব’ৰ বাবে অভিনেতাজনে গ্ৰহণ কৰিছে ৩৫০ কোটি টকাৰ পাৰিশ্রমিক। ছলমানে ইমান অধিক পৰিমাণৰ পাৰিশ্ৰমিক গ্ৰহণ কৰাৰ সন্দৰ্ভত সাংবাদিকে প্রশ্ন কৰাত জনপ্রিয় অভিনেতাজনে কৌশলপূর্ণ উত্তৰ দি কয়, মই সদায়ে ‘বিগ বছ’ৰ নির্মাতাক কৈ আহিছাে যে মই ইমান পৰিশ্ৰম কৰাে, সেয়েহে মােৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা উচিত।

কিন্তু কোনেও মােৰ কথা নুশুনে। ভগৱানৰ ওচৰত মই প্রার্থনা কৰিছাে যাতে এনে এটা দিন আহে, যিদিনা চেনেলে মােক ক’ব যে তােমাৰ পাৰিশ্ৰমিক বঢ়াই দিয়া হ’ল। তেতিয়া মই কম যে, নাই নাই দৰকাৰ নাই৷ আপােনালােকে কি ভাবে, এনে এটা দিন আহিব?’

Exit mobile version