Brain Stroke -ৰ পাছত অসুস্থ ,আৰ্থিক সংকটত আমিৰক সহায় বিচাৰিলে Lagaan ৰ অভিনেত্ৰীয়ে

347481 619f8186a54d4767a4ad5ec2726a29b4

যোৱা বছৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল অভিনেত্ৰী পাৰবীনাৰ। তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হৈ আহিছে ‘লগন'(Lagaan)ৰ অভিনেত্ৰী কেশৰীয়াই ।

স্বাস্থ্যৰ সমস্যাৰ লগতে আৰ্থিক সমস্যাৰো সন্মুখীন হৈছে । অভিনেত্ৰী পাৰবীনাই শেহতীয়া এক সাক্ষাৎকাৰত আমিৰ খানৰ পৰা ৰাজহুৱাভাৱে সহায় বিচাৰিছিল।

শাৰীৰিক অসুস্থতাৰ বাবে কে’বাবছৰ ধৰি অভিনয় ত্যাগ কৰাৰ পাছত পাৰবীনাই কাষ্টিং ডাইৰেক্টৰ হিচাপে কাম কৰি আছে। কিন্তু এই মুহূৰ্তত তেওঁৰ হাতত কোনো কাম নাই আৰু সেইকাৰণে তেওঁ চৰম বিত্তীয় সংকটত দিন অতিবাহিত কৰি আছে।

সাক্ষাৎকাৰটোত, পাৰবীনাই কৈছিল, “মোক এই মুহূৰ্তত আৰ্থিক সহায়ৰ প্ৰয়োজন। কঠিন সময়ত মোৰ কাষত কিছুমান বন্ধু বান্ধৱী পাইছো। কিন্তু হাতত কোনো কাম নাই, সেয়েহে কাম পালে ভাল হয়। প্ৰযোজনা কোম্পানীবোৰৰ কাষত অনুৰোধ যদি কাষ্টিং ডাইৰেক্টৰ হিচাপে কোনো কাম থাকে, সেইয়া দিলে ভাল হয়। ”

পাৰবীনাই কয়, “আমিৰ ভাই মোৰ অসুস্থতাৰ বিষয়ে নাজানে। মোৰ বিশ্বাস যদি জানিলেহেতেন তেন্তে তেওঁ মোক সহায় কৰিলেহেঁতেন। আমি সকলোৱে জানো যে তেওঁ ব্যক্তিগতভাৱে শ্ৰী বল্লভ ব্যাসকে ধৰি লগনৰ কে’বাজনো সহকৰ্মীক সহায় কৰিছে। মোৰ অনুৰোধ হৈছে যে যদি তেওঁৰ কাৰ্যালয়ত কোনো কাম থাকে, মোক দিলে ভাল হয়। আমিৰ খান বৰ্তমান ‘লাল সিং চাড্ডা’ৰ দৃশ্যগ্ৰহণত ব্যস্ত।

পাৰবীনাই আৰু জনায় যে তেওঁ যোৱা বছৰ চিআইএনটিএএ ৰ পৰা সহায় লাভ কৰিছিল। আনকি অক্ষয় কুমাৰেও যোৱা বছৰ তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল।

Exit mobile version