যৌৱন ধৰি ৰাখিবলৈ হ’লে যিবােৰ বিষয়ত গুৰুত্ব দিয়া উচিত

প্ৰতিগৰাকী ব্যক্তিয়ে চিৰ তৰুণ-তৰুণী হৈ থাকিব বিচৰাটো প্রবৃত্তি বুলি কলেও অত্যুক্তি কৰা নহ’ব। সেইবাবে বার্ধক্য কাৰাে কাম্য নহয়। সাধাৰণতে বয়সৰ চাপ নপৰিবলৈ সেইবাবে প্ৰায়ভাগ লােকেই প্রসাধনী সামগ্রী ব্যৱহাৰ কৰা দেখা যায়। ইতিহাসে ঢুকি নােপােৱা দিনৰে পৰা মানুহে প্রসাধনী সামগ্ৰীৰ ওপৰত গুৰুত্ব প্রদান কৰি আহিছে। পিছে প্রসাধনী সামগ্ৰীৰে কোনাে এগৰাকী মহিলা বা এজন পুৰুষে এক নির্দিষ্ট সময়ৰ বাবেহে বয়সৰ চাপ আনৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব পাৰে।

দীর্ঘদিন ধৰি এনেদৰে যৌৱন ধৰি ৰখাটো কাৰাে বাবে সম্ভৱ নহয়। প্রসাধন নকৰিলে তেওঁলােকৰ শৰীৰৰ প্রকৃত ৰূপ ওলাই পৰে। পিছে। যদিহে কম বয়সৰ পৰাই কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰা হয় তেতিয়াহ’লে যৌৱন ধৰি ৰখাটো সম্ভৱ বুলি গৱেষকসকলে মন্তব্য কৰিছে। কিছুমান বিষয়ত সৰুৰে পৰা গুৰুত্বপূৰ্ণ প্ৰদান কৰিলে দীর্ঘদিন ধৰি যৌৱন ধৰি ৰখাটো সম্ভৱ হয়।

★ গৱেষকসকলে শেহতীয়াভাৱে এই বুলি মন্তব্য কৰিছে যে সামুদ্রিক মাছ নিয়মীয়াভাৱে গ্ৰহণ কৰিলে শৰীৰত বার্ধক্যৰ চাপ সােনকালে নপৰে। ৰেড মীট বা মাংসৰ পৰিৱর্তে সামুদ্রিক মাছ খালে শৰীৰে প্রয়ােজনীয় প্রটিন লাভ কৰিব। অৱশ্যে এনেধৰণৰ মাছ নিয়মীয়াকৈ গ্রহণৰ সময়ত পুষ্টি বিশেষজ্ঞৰ পৰামর্শ গ্রহণ কৰা উচিত।

★ সাধাৰণতে আমাৰ খাদ্য সম্ভাৰ প্রস্তুত কৰােতে সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয়। পিছে গৱেষকসকলে এনে তেলৰ পৰিৱর্তে ‘অলিভ অইল’ বা জলফাইৰ পৰা প্ৰস্তুত কৰা তেল ব্যৱহাৰ কৰিবলৈ পৰামর্শ আগবঢ়াইছে। কিয়নাে খাদ্য প্রস্তুত কৰােতে ব্যৱহাৰ কৰিলে শৰীৰত কলেষ্টেৰলৰ পৰিমাণ হ্রাস বা নিয়ন্ত্রিত হ’ব। তদুপৰি চর্বি আদি জমা হ’বলৈ সুযােগ নাপায়। আন তেলৰ তুলনাত অলিভ অইল উপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে।

★ দৈনন্দিন খাদ্য তালিকাত সতেজ শাক-পাচলি অন্তর্ভুক্ত কৰা উচিত। এই শাক-পাচলিৰ ভিতৰত গাজৰ আৰু বিলাহী অন্তর্ভুক্ত কৰিলে অধিক সুফল পােৱা যায়। ছাল আৰু স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়ােজনীয় উপাদনসমূহ এই দুবিধ পাচলিত পােৱা যায়। দুয়ােবিধ পাচলিৰে ফাইটোনিউল্টিয়েণ্ট আৰু এন্টিঅক্সিডেন্ট থাকে। তদুপৰি বিটাকেৰােটিন আৰু লুটেইন আদিয়ে বার্ধক্যৰ চাপ প্রতিহত কৰে।

★ চকলেট খালেও উপকাৰ লাভ কৰাটো সম্ভৱ। ডার্ক চকলেট বার্ধক্য প্রতিৰােধ কৰিব পৰা বহুতাে উপাদান থকা বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে।

★ আঙুৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। সেইবাবে নিয়মীয়াকৈ আঙুৰ খােৱাৰ ফলত শৰীৰত উৎপন্ন হােৱা ফ্রিৰেডিকেল আদিয়ে সহজে গা কৰি উঠিব নােৱাৰে।

★ যিসকলে নিতৌ খাদ্য তালিকাত দৈ অন্তর্ভুক্ত কৰে তেওঁলােকৰ বার্ধক্য প্ৰতিৰােধ কৰাটো সম্ভৱ। ইয়াত প্ৰচুৰ পৰিমাণে প্র’টিন আৰু কেলছিয়াম থাকে বাবে শৰীৰৰ গঠন আৰু হাড় শক্তিশালী কৰে। হাড়ৰ ক্ষয় ৰােধতে সহায় কৰে। দৈ খালে চর্বি আৰু কলেষ্টেৰল নিয়ন্ত্রণত থাকে।

★ শৰীৰত বার্ধক্যৰ চাপ নপৰিবলৈ আৰু তেজৰ প্রৱাহ স্বাভাৱিক হৈ থাকিব লাগিব। সাধাৰণতে খাদ্য তালিকাত ব্যৱহাৰ কৰা কিছুমান মচলায়াে যৌৱন ধৰি ৰখাত সহায় কৰে। বিশেষকৈ নহৰুত থকা এলিচিন নামৰ উপাদান বিধে শৰীৰৰ বিভিন্ন অংগ-প্রত্যংগলৈ তেজৰ প্রবাহ স্বাভাৱিক কৰি ৰাখে। সেইবাবে সােনকালে বয়সৰ চাপ নপৰে।

Exit mobile version