Russia : ৰাষ্ট্ৰসংঘত তালিবানক স্বীকৃতি প্ৰদানৰ ইংগিত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ

Sergei 696x392 1

চীন, পাকিস্তানৰ পাছত তালিবানক স্বীকৃতি প্ৰদানৰ ইংগিত দিয়ে ৰাছিয়াই । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিবেশনত ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীয়ে আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তক কঠোৰভাৱে সমালোচনা কৰাৰ লগতে তালিবানক স্বীকৃতি দিয়াৰ ইংগিতো দিলে ।

১৯৯৬-২০০১ৰ সময়ছোৱাত আফগানিস্তানত তালিবানৰ চৰকাৰ আছিল আৰু এই চৰকাৰক পাকিস্তানসহ প্ৰাচ্যৰ তিনিখন দেশে স্বীকৃতি দিছিল । বিশ্বৰ অন্যান্য দেশসমূহে সেই সময়ত তালিবানৰ চৰকাৰক স্বীকৃতি দিয়া নাছিল । যোৱা ১৫ আগষ্টত তালিবানে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত তালিবানৰ চৰকাৰক বিশ্বৰ অন্যান্য দেশসমূহে স্বীকৃতি দিব নে নিদিয়ে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ।

স্পষ্টভাৱে ঘোষণা নকৰিলেও তালিবান চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে, সেয়া তেওঁলোকে পালন কৰে নে নকৰে তাক লক্ষ্য ৰাখি স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সিদ্ধান্ত ৰাছিয়াই ল’ব বুলি দেশখনৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লেভ্ৰভে জানিবলৈ দিয়ে । ‘এইটোৱে সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় যে যি প্ৰতিশ্ৰুতি তেওঁলোকে (তালিবান) দিছে, সেয়া পালন কৰিব নে নকৰে ? আমাৰ বাবে ই হ’ব সবাতোকৈ অধিক গুৰুত্বপূৰ্ণ ।’

Exit mobile version