Climate Change:জলবায়ু পৰিবৰ্তনে সকলোতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে মহিলা আৰু শিশুসকল, দাবী প্ৰতিবেদনত

1632709395 desh4 1

জলবায়ু পৰিৱৰ্তনৰ ফলত সমগ্ৰ বিশ্বত যি প্ৰাকৃতিক দুৰ্যোগ হৈছে, ইয়াৰ ফলত সৰ্বাধিক প্ৰভাৱিত হৈছে মহিলা আৰু শিশুসকল । যিয়ে আধুনিক দাসত্ব আৰু মানৱ সৰবৰাহৰ আশংকা বৃদ্ধি কৰিছে । কেইদিনমান আগতে, ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ এনভায়ৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট এণ্ড এণ্টি শ্লেভাৰী ইণ্টাৰনেচনেলৰ দ্বাৰা এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল।

ইয়াত কোৱা হৈছে যে জলবায়ুৰ এই ব্যাপক পৰিৱৰ্তনৰ ফলত বিশ্বৰ অন্যান্য দেশৰ লগতে ভাৰতত মহিলা আৰু শিশুৰ বিপদ বৃদ্ধি পাইছে ।

অহা মাহত ব্ৰিটেইনৰ গ্লাছগোতত জলবায়ু সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এখন সন্মিলন অনুষ্ঠিত হ’ব ।  তাৰ ঠিক আগতে, এই প্ৰতিবেদন দাঙি ধৰি সম্ভাব্য বিপদৰ পৰা সতৰ্ক কৰা হৈছে ৰাষ্ট্ৰনেতাসকলক‌ ।

উদাহৰণ স্বৰূপে, প্ৰতিবেদনখনত ইণ্ডোনেছিয়াৰ চুনামি, ঘানাৰ খৰাং আৰু পশ্চিম বংগৰ সুন্দৰবন অঞ্চলৰ আয়লা আৰু আমপানৰ দৰে ঘূৰ্ণীবতাহৰ ফলত হোৱা বিধ্বংসী ক্ষতিৰ বিষয়ে আলোকপাত কৰা হৈছে ।

প্ৰতিবেদনখনত ঠিকা কৰ্মী, বাল্য বিবাহ, আধুনিক দাসত্বৰ মাজত মানৱ সৰবৰাহ আদি বিষয়বোৰ সামৰি লোৱা হৈছে । কোৱা হয় যে যেতিয়া প্ৰাকৃতিক দুৰ্যোগৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলৰ পৰিৱেশ তন্ত্ৰ সম্পূৰ্ণৰূপে সলনি হয়, স্থানীয় বাসিন্দাসকলে অন্য কোনো ঠাইলৈ যাবলৈ বাধ্য হয় । অসাধু দালালসকলে তাৰেই সুবিধা লৈ আছে । ফলস্বৰূপে, মানৱ সৰবৰাহ বৃদ্ধি পাইছে ।

মহিলাসকলক কেতিয়াবা যৌন ব্যৱসায়ৰ‌ পথ বাছি ল’বলৈ বাধ্য কৰা হয়, কেতিয়াবা তেওঁলোকক অতি কম অৰ্থৰ বিনিময়ত শ্ৰমিক হিচাপে কাম কৰিবলৈ বাধ্য কৰা হয় । শিশুসকলেও একে‌ পৰিস্থিতি সন্মুখীন হৈ আহিছে ।

উদাহৰণস্বৰূপে, চুনামি, আয়লা, আমপানৰ দৰে ভয়ানক প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে উল্লেখ কৰা হৈছে । ২০০৪ ৰ চুনামিৰ পাছত ইণ্ডোনেছিয়াত কেনেদৰে মানৱ সৰবৰাহ বৃদ্ধি পাইছিল তাৰ পৰিসংখ্যা দেখুওৱা‌ হৈছে ‌।

২০০৯ৰ আয়লা আৰু ২০২০ৰ আমপানৰ পাছত সুন্দৰবন আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ দুৰ্দশাৰ বিষয়েও আলোকপাত কৰা হৈছে । একেদৰে, উত্তৰ ঘানাৰ আক্ৰা অঞ্চলৰ মহিলাসকলে পেটৰ তাৰণাত কেনেদৰে যৌন ব্যৱসায়ৰ পথ বাছনি কৰি ল’ব লগা হৈছে সেই বিষয়েও উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত ।

কেইদিনমান আগতে বিশ্ব বেংকৰ এটা প্ৰতিবেদনতো জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ ভাবুকিৰ বিষয়ে শুনা গৈছিল । প্ৰতিবেদনখনৰ অনুসৰি, বতৰৰ চৰম পৰিস্থিতিৰ বাবে যোৱা বছৰেই বিশ্বজুৰি ৫৫০ নিযুত লোকক ভিটেৰ পৰা মুকলি কৰিব লগা হৈছিল । যিটো সৰ্বকালৰ অভিলেখ । বিশ্ব বেংকৰ পৰিসংখ্যা অনুযায়ী, বৰ্তমানেও ৪০.৩ কোটি লোকে দাসত্ব জীৱন যাপন কৰি আছে । এতিয়াই সতৰ্কতা অৱলম্বন নকৰিলে কমেও ২১.৬ কোটি লোকে ২০৫০ৰ ভিতৰত গৃহহীন হ’ব লাগিব ।

Exit mobile version