দুৰাৰোগ্য ৰোগত আক্ৰান্ত অসম জাতীয়তাবাদী যুৱ পৰিষদ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথ,

চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে ৰাইজ তথা দল সংগঠনৰ

11067423 c80b 43b9 aae9 a0990dee8b40

জাতিৰ স্বাৰ্থত সদায় সংগ্ৰাম কৰি অহা জাতীয়তাবাদী নেতা তথা বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথে যোৱা কেইমাহ মান ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি বিচনাতে আছে।

বৰ্তমান চিকিৎসাৰ কাৰণে তীব্ৰ আৰ্থিক সংকটত পৰিছে নেতাগৰাকীয়ে।তথ্য অনুসৰি অসম জাতীয়তাবাদী যুৱ পৰিষদ বৰপেটা জিলা সমিতিৰ সভাপতি ৰূপম নাথক যোৱা ছয় মাহ পূৰ্বে চিকিৎসকে মূখমণ্ডলত কৰ্কট ৰোগত আক্ৰান্ত হয় ।

ইয়াৰ পাছত নাথে বৰপেটা, গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল যদিও সম্প্ৰতি আৰ্থিক সংকটত চিকিৎসাৰ পৰা বিৰত হৈ আছে ।

উল্লেখ‍্য যে বৃদ্ধ মাতৃ, পাছ বছৰীয়া এগৰাকী কন্যা আৰু পত্নীৰ স’তে বৰপেটা জিলাৰ হাউলীৰ নিজা এটি ভঙা পজাত বাস থকা ৰূপম নাথে। ঘৰখনৰ একমাত্ৰ উপাৰ্জন কাৰী নাথ বিগত কেইমাহমান ধৰি শয‍্যাগত হোৱাৰ পাছত ঘৰখন চলাই নিয়াত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে । নেতাগৰাকীয়ে সাংবাদিকক জনোৱা মতে বৰ্তমান চিকিৎসাৰ কাৰণে প্ৰায় চাৰি লাখ টকাৰ প্ৰয়োজন হৈ আছে।

কোনো সদাশয় ব্যক্তি তথা দল সংগঠনে আৰ্থিক সহায় কৰিব বিচাৰিলে অসম গ্ৰামীণ বিকাশ বেংকৰ হাউলী শাখাৰ নম্বৰ 7106010053093 ,IFSC CODE PUNB0RRBAGB একাউন্টত জমা দিবলৈ কাতৰ অনুৰোধ জনাইছে ।

Exit mobile version