Bigg Boss : প্ৰতি সপ্তাহত পাৰিশ্ৰমিক ৩৫লাখ ! ‘বিগ বছ’ৰ নতুন ছিজনত আহিব ৰিয়া চক্ৰৱৰ্তী ?

2020 8largeimg 2061064094

বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক (Rhea Chakraborty) অনাৰ চেষ্টা চলাই আছে বিগ বছৰ প্ৰযোজক সংস্থাই । আনকি, ৰিয়াৰ স’তে বাৰে বাৰে আলোচনাতো বহিছে তেওঁলোক।

তথ্য অনুসৰি প্ৰয়াত বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়াই ‘বিগ বছ’লৈ অহাৰ আমন্ত্ৰণ নাকচ কৰা নাই যদিও কিন্তু সিদ্ধান্ত ল’বলৈ প্ৰযোজনা কোম্পানীৰ পৰা যথেষ্ট সময় বিচাৰিছে অভি অভিনেত্ৰীগৰাকীয়ে।

কিন্তু খবৰটো হ’ল যে ৰিয়াক সন্মত কৰাৰ বাবে পাৰিশ্ৰমিক বৃদ্ধি কৰি দিবলৈ সাজু ‘বিগ বছ’। ৰিয়া চক্ৰৱৰ্তীক প্ৰতি সপ্তাহত ৩৫ লাখ টকা দিবলৈও সন্মত চেনেল ।

বিগ বছ অ’টিটিয়ে ইতিমধ্যে চমকৰ সৃষ্টি কৰিছে। কিন্তু দৰ্শকে ছলমান খানৰ দ্বাৰা সঞ্চালনা কৰা টিভি পৰ্দাত ‘বিগ বছ’ চাবলৈ সাজু হৈছে। দুই অক্টোবৰত প্ৰিমিয়াৰ হ’ব ‘বিগ বছ ১৫’ৰ।

উল্লেখযোগ্য যে বিগ বছে ইতিমধ্যে প্ৰযোজক শমিতা চেট্টী, প্ৰতীক চেহজপাল আৰু নিশান্ত ভাটক বাছনি কৰিছে । কিন্তু এটা বিতৰ্কিত মুখৰ খুব প্ৰয়োজন এই চিজনত আৰু সেইকাৰণে বিগ বছৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৱে সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ হোৱা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ৰিয়াক বিচাৰে।

কেইদিনমান আগতে কোৱা হৈছিল যে ‘বিগ বছ’ত কেৱল ৰিয়া চক্ৰৱৰ্তীয়েই নহয়, সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখাণ্ডেকো দেখা যাব পাৰে । কিন্তু এই খবৰ ভুল বুলি জনাইছে অংকিতাই।

Exit mobile version