Weight Loss : ওজন বৃদ্ধি হৈছে নেকি ? এই ডিটক্স ড্ৰিংকে কমাব আপোনাৰ ওজন

চাওক কি দৰে তৈয়াৰ কৰিব এই ড্ৰিংক

83683458

ওজন বৃদ্ধি আৰু পেটত চৰ্বি জমা হোৱাটো আজি কালি প্ৰত্যেকৰে সমস্যাৰ বিষয় হৈ পৰিছে । ওজন কমাবৰ বাবে বহুলোকে জিম যায়,কঠোৰ পৰিশ্ৰম কৰে,ডেয়েট কৰে কিন্তু বিভিন্ন সময়ত ভবামতে ফলাফল পোৱা নাযায় । এই ক্ষেত্ৰত এটা ডিটক্স ড্ৰিংক আপোনাৰ সমস্যাৰ সমাধান দিব পাৰে । বিটৰ ডিটক্স ড্ৰিঙক স্বাস্থ্যৰ উপকাৰ কৰে। জানি লওক এই পানীয়ৰ উপকাৰিতা আৰু তৈয়াৰ কৰাৰ পদ্ধতি ।

(১) তিনি কাপ পানী

(২) পুদিনা পাত

(৩) চামুচ আপেল চাইডাৰ ভিনেগাৰ

(৪) আধা নেমু

(৫) এটুকুৰা বিট (তিয়াই থব লাগিব)

★ ডিটক্স পানীয় বনোৱাৰ পদ্ধতি

পানী, পুদিনা পাত, আপেল চাইডাৰ ভিনেগাৰ, নেমুৰ টুকুৰা আৰু বিটৰ টুকুৰা মিহলাই ভালদৰে পিহি লওক।

পাঁচ ৰ পৰা ১০ মিনিটৰ বাবে এই মিশ্ৰণটো এনেদৰেই ৰাখি দিয়ক। তাৰ পাছত বনাই থোৱা মিশ্ৰণটো চেকি লৈ সেৱন কৰক । এই পানীয়টো নিয়মীয়াকৈ খালী পেটত খালে উপকৃত হ’ব পাৰে।

 

★ ডিটক্স পানীয়ৰ উপকাৰিতা

এই পানীয় প্ৰ’টিন আৰু ফাইবাৰ ভৰপূৰ। খালী পেটত এই পানীয় সেৱন কৰিলে ওজন হ্ৰাস হয়। ইয়াত থকা আপেল চাইডাৰ ভিনেগাৰে ওজন সোনকালে হ্ৰাস কৰাত সহায় কৰে। পুদিনা আৰু নেমুৰ ফলত সতেজতাৰ লাভ কৰা যায় ।লগতে মেটাবলিজম ভালে থাকে । ইয়াৰ ফলত কেলৰি দহন হোৱাত সহজ হয়।

 

★ বিটৰ উপকাৰিতা

বিটত যথেষ্ট পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ,আইৰণ আৰু কেলচিয়াম থাকে।বিট খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।

তেজত হিমোগ্লোবিনৰ পৰিমাণ হ্ৰাস হ’লে বিট খালে সহায় হব পাৰে । বিট নিয়মীয়াকৈ খালে শৰীৰত আইৰণৰ অভাৱ দূৰ হয়।

Exit mobile version