Kareena Kapoor : কৰিনা কাপুৰৰ নামত গাড়ী নথিভুক্ত, আৰক্ষীৰ জালত প্ৰতাৰক

kareena kapoor khan feels honoured to unveil t20 world cup trophies in melbourne

পুৰণা সামগ্ৰী বিক্রী কৰাৰ প্রতাৰণাত অভিযুক্ত কেৰালাৰ মনছন মাভুংকাল । তেওঁৰ জিম্মাতে আছিল পৰশে বক্সটাৰৰ দৰে দামি গাড়ী । বিগত বৰ্ষত আৰক্ষীয়ে সেই গাড়ী বাজেয়াপ্ত কৰে । সাম্প্রতিক তথ্য অনুসৰি, সেই গাড়ী বলিউড অভিনেত্রী কৰিনা কাপুৰ খানৰ নামত নথিভুক্ত ।

গাড়ীৰ কাগজপত্র সন্ধান কৰি পোৱা গৈছে, পিতৃৰ নামৰ ঠাইত উল্লেখ আছে কৰিনাৰ পিতৃ ৰণধীৰ কাপুৰৰ নাম । ঠিকনা, মুম্বাইৰ বেন্দ্রা অঞ্চলৰ হিল ৰোডৰ । অর্থাৎ কৰিনাৰ ঠিকানাই লিখা আছে । কিন্তু নথি সলনি নকৰাকৈ মনছন কেনেদৰে সেই গাড়ীটোৰ স্বত্বাধিকাৰী হ’ল, সেই কথা এতিয়াও পোহৰলৈ অহা নাই ।

সম্প্ৰতি গাড়ীখন আলাপুঝা জিলাৰ স্থানীয় আৰক্ষী চকীত আছে । তদন্ত অব্যাহত আছে । এই পৰ্যন্ত আৰক্ষীয়ে এনে ধৰণৰ ২০খন দামি গাড়ী বাজেয়াপ্ত কৰিছে মনছনৰ পৰা ।

খ্যাতৰ পৰা সাধাৰণ, ৰাজনীতিকৰ পৰা উচ্চ পদস্থ আৰক্ষী— মনছনৰ প্রতাৰণাৰ তালিকাত বিভিন্ন স্তৰৰ মানুহৰ নাম আছে । পুৰণি মূল্যৱান সামগ্ৰী বিক্রী কৰাৰ অজুহাত দেখুওৱাই স্থানীয় সস্তীয়া সামগ্ৰী বিক্রী কৰিছিল মনছনে । ৩০টা দুষ্প্রাপ্য ৰূপৰ গহণাৰ ভুৱা মালিকানা দাবী কৰিছিল সেই ব্যক্তিজনে ।

Exit mobile version