কলগাছিয়াৰ চানমামাত নৃশংস হত্যাকাণ্ড

স্বামী পৰিয়ালে ডিঙি ৰেপি হত্যা কৰিলে বোৱাৰীক

কলগাছিয়াৰ বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত চানমামা গাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। বুধবাৰে কাহিলি পুৱাত দমকলত মুখ ধূই থাকোতে আব্দুল আৱালৰ পত্নী কুলছুম বেগমক পিছ ফালৰ পৰা আহি স্বামী পৰিয়ালে ডিঙি ৰেপি কুলছুমক পুখুৰীত পেলাই দিয়ে।

খবৰ পাই কুলছুম বেগমৰ পিতৃ পৰিয়ালে কুলছুমক উদ্ধাৰ কৰি হস্পিতাললৈ লৈ যায় যদিও নিশা চানমামা আদৰ্শ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

তথ্য অনুসৰি এই ঘটনাৰ লগত জড়িত কুলছুমৰ শহুৰেক কেৰামত আলীক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে,এই হত্যাকাণ্ড এক পৰিকল্পিত হত্যা কাণ্ড । হত্যাকাণ্ডৰ লগত জড়িত দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে , কুলছুম বেগমৰ স্বামী আব্দুল আৱাল কৰ্ম সূত্ৰে বাহিৰত থাকে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version