বিশ্বনাথত অনুষ্ঠিত হ’ব ৰয়েল এনফিল্ড আৰোহীৰ বৃহৎ সন্মিলন

classic 350 motorcycle

বিশ্বনাথৰ অন্যতম দুঃসাহসী ক্ৰীড়া সন্থা ‘নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছন’ চমুকৈ ‘নিঅ’ (NEAO)ই বিগত ১১ বছৰে বিভিন্ন দুঃসাহসী কাৰ্য তথা খেলৰে বিশ্বনাথ, অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিছে ।

বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট বেছ কেম্প ট্ৰেকিং, সৰ্বোচ্চ মটৰ চলিব পৰা পথ খাৰ্ডুংলা (১৮৩৮০ ফুট), লাডাখ, কাৰ্গিল আদিলৈ কে’বাবাৰো দুঃসাহসী মটৰচাইকেল যাত্ৰা কৰিছে । নৱ নিৰ্মিত সৰ্বোচ্চ মটৰ চলিব পৰা পথ উত্তৰাখণ্ডৰ মানাপাছ (১৮৩৯৯ ফুট), চুবুৰীয়া দেশ নেপাল, ভূটান, ম্যানমাৰৰ লগতে টাৱাং, বুমলা পাছ, মাঅদিয়া পাছ, মেছুকা আদিলৈ কে’বাবাৰো মটৰচাইকেল যাত্ৰা কৰিছে ।

ইয়াৰ উপৰিও, দুই শতাধিক যুৱক-যুৱতীক বিভিন্ন দুঃসাহসী ক্ৰীড়া যেনে – পৰ্বতাৰোহণ, পেৰা জাম্প, ট্ৰেকিং, ৰাফ্টিং, কায়াকিং, ৰিভাৰ ক্ৰছিং ইত্যাদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে । এই সন্থাৰ তৰফৰ পৰা প্ৰতি বছৰে কে’বাজনো যুৱক-যুৱতীয়ে অসম চৰকাৰৰ বিনামূলীয়া দুঃসাহসী ক্ৰীড়াৰ প্ৰশিক্ষণৰ লগতে সেনা আৰু আৰক্ষীৰ চাকৰি পাবলৈও সক্ষম হৈছে । ‌

তদুপৰি, নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনৰ ৰয়েল এনফিল্ড মটৰচাইকেল আৰোহীৰ দলে প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ‘নৰ্থ ইষ্ট ৰাইডাৰ মিট’ চমুকৈ এন ই আৰ এম (NERM) নামৰ বৃহৎ এনফিল্ড আৰোহীৰ বছৰেকীয়া সন্মিলন অনুষ্ঠানত অংশগ্ৰহণ কৰি আহিছে । সেই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ শতাধিক মটৰচাইকেল আৰোহী সন্থাৰ সহস্ৰাধিক আৰোহী একগোট হয় ।

এইবাৰ নৰ্থ ইষ্ট এডভেন্সাৰ অৰ্গেনাইজেছনে অহা নৱেম্বৰৰ ২৭-২৮ তাৰিখে বিশ্বনাথত পোনপ্ৰথমবাৰৰ বাবে এন আৰ এম ‘নিঅ’ ৰাইডাৰ মিট’ নামেৰে ভাৰতৰ বিভিন্ন ঠাইৰ ৰয়েল এনফিল্ড আৰোহীৰ বাবে বিশেষ সন্মিলনী আয়োজন কৰিছে । অসম-অৰুণাচলৰ সীমান্তৱৰ্তী মনোৰম প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ ভৰাজুলি গাঁৱৰ কাষৰ পাহাৰীয়া-নৈপৰীয়া ঠাইত অনুষ্ঠিত হ’বলগীয়া সন্মিলনত ভাৰতৰ বিভিন্ন ঠাইৰ প্ৰায় পাঁচ শতাধিক এণ্ডফিল্ড আৰোহীৰ উপৰিও নেপাল আৰু ভূটানৰ পৰাও আৰোহীৰ আগমন ঘটাৰ সম্ভাৱনা আছে ।

বিভিন্ন ধেমেলীয়া খেল, দুঃসাহসী খেল, থলুৱা খাদ্য, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত হ’ব । এই অনুষ্ঠানৰ জৰিয়তে চুবুৰীয়া ৰাজ্যসমূহৰ লগত ভাতৃত্ববোধ আৰু গভীৰ হোৱাৰ উপৰিও বিশ্বনাথ তথা অসমৰ বিভিন্ন ঐতিহাসিক, প্ৰাকৃতিক ঠাইসমূহ বিশ্ব দৰবাৰত চিনাকি হ’ব । ইয়াৰ উপৰিও বিশ্বনাথৰ লগতে নিকটৱৰ্তী ঠাইসমূহ পৰ্যটন স্থলীলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ।

ইতিমধ্যে, সন্থাটোৰ সদস্যসকলে এই বৃহৎ অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । অতি শীঘ্ৰে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াও আৰম্ভ হ’ব ।

Exit mobile version