বড়োভূমিত পাঁচশ চোৰাং চিকাৰীয়ে কৰিব আত্মসমৰ্পণ

WhatsApp Image 2021 10 01 at 8.09.35 PM 1

বড়োভূমি তথা বিটিআৰত কাইলৈ পাঁচশ চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰিব ৷ এই কথা আজি সংবাদ মাধ্যমৰ আগত সদৰি কৰে বিটিআৰৰ বন আৰু পৰিৱেশ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজি মুকলি কৰিব আহি সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত বিটিআৰৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কয়, ‘মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জ আৰু কোকৰাঝাৰত হ’বলগীয়া আত্মসমৰ্পণ অনুষ্ঠানত পাঁচশ চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰাৰ সমান্তৰালভাৱে প্ৰশাসনৰ ওচৰত বহু অস্ত্ৰ শস্ত্ৰও সম্বৰণ কৰিব ৷’

কাৰ্যবাহী গৰাকীয়ে কয়, ‘মানাহ মুকলিৰ জৰিয়তে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিম৷বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ সংস্কৃতিৰ ভাবাধাৰা আদান-প্ৰদান কৰিব পাৰিব ৷ আৰ্থিকভাৱে সকলোৱে টনকিয়াল হ’বলৈ গৈ আছে ৷ মানাহৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা কৰি ল’ব পাৰিব মানাহৰ জৰিয়তে ৷

Exit mobile version