Air India : সিদ্ধান্ত গ্ৰহণ কৰা নাই, ৰতন টাটাক এয়াৰ ইণ্ডিয়া হস্তান্তৰ কৰাৰ খবৰ নাকচ কেন্দ্ৰৰ

975089 untitled design 95

ৰতন টাটাৰ সংস্থাক দেশৰ চৰকাৰী বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াৰ শ্বেয়াৰ বিক্রীৰ বিষয়ত এতিয়াও কোনো সিদ্ধান্তত উপনীত হোৱা নাই । শুকুৰবাৰে কেন্দ্রৰ তৰফৰ পৰা এই কথা জনায় । টাটা ছন্সে জমা দিয়া দৰপত্রটোৱে চৰকাৰী অনুমোদন পাইছে বুলি বিভিন্ন সংবাদমাধ্যমত যি খবৰ প্রচাৰিত হৈছে সেয়া কেন্দ্রীয় ‘বিলগ্নিকৰণ আৰু ৰাষ্ট্ৰীয় সংস্থা নিয়ন্ত্রণ দফতৰে’ খাৰিজ কৰিছে ।

কেন্দ্রীয় অর্থ মন্ত্রণালয়ৰ অধীনস্থ ‘বিলগ্নিকৰণ আৰু ৰাষ্ট্ৰীয় সংস্থা নিয়ন্ত্রণ দফতৰে’ টুইটাৰত জনায়, ‘এয়াৰ ইণ্ডিয়াৰ বিলগ্নিকৰণৰ বিষয়ত চৰকাৰে দৰপত্র অনুমোদন কৰিছে বুলি সংবাদমাধ্যমত যি খবৰ প্রচাৰিত হৈছে সেয়া ভুৱা । এই বিষয়ত কোনো সিদ্ধান্ত হ’লে চৰকাৰক জনোৱা হ’ব ।’

Exit mobile version