Viral : বিয়া কৰালে ৰাইচ কুকাৰক ! বিচ্ছেদো হ’ল, তাৰ পাছত ?

ভাতো ৰান্ধিব আৰু প্ৰতিটো কথাতে বিতৰ্ক‌ও নকৰিব ! তেনেকুৱাই এগৰাকী জীৱনসংগিনী বিচাৰিছিল এজন যুৱকে । অৱশেষত যি বিচাৰিছিল তাকেই পালে । পাত্রী কিন্তু কোনো তেজ-মঙহৰ নহয় ; ভাতো ৰান্ধিব, কাজিয়াও নকৰিব তেনে পাত্রীৰ সন্ধান কৰি অৱশেষত ৰাইচ কুকাৰকেই বাছি ল’লে ।

সেই যুৱকজনে দৰাৰ পোছাক পৰিধান কৰি, ডিঙিত মালা পিন্ধি সাক্ষী ৰাখি বিয়া কৰালে কুকাৰক । কুকাৰটোক ক‌ইনাৰ সাজতো সজালে । মেৰিয়েজ ৰেজিষ্ট্ৰাৰকো মাতি অনা হয় । স্বাক্ষৰ কৰি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াত তেওঁ কুকাৰক বিয়া কাৰালে । বিভিন্ন অংগী-ভংগীৰে ছবিও তুলিলে ‘নক‌ইনা’ৰ স’তে ।

কোনো ছবিত তেওঁক উৰণি লোৱা কুকাৰ হাতত লৈ প’জ দিয়া দেখা গৈছে । আন এটা ছবিত আকৌ ‘নক‌ইনা’ কুকাৰক চুম্বন কৰা দেখা গৈছে । সামাজিক মাধ্যমত এই ছবি বিয়পি পৰাত হৈ-চৈৰ সৃষ্টি হয় । কোনোৱে কটাক্ষ কৰিছে কোনোৱে আকৌ নৱদম্পতিক শুভেচ্ছা জনাইছে ।

কিন্তু ইন্দোনেছিয়াৰ সেই ব্যক্তি খইৰুলৰ এই দাম্পত্য জীৱন বেছিদিন সুখৰ নহয় । এই কাহিনীত এটা বিৰহো আছে । বিয়াৰ চাৰিদিন পাছতেই ‘নক‌ইনা’ৰ স’তে বিচ্ছেদ হয় খইৰুলৰ । সেই বিচ্ছেদৰ খবৰ তেওঁ নিজেই ঘোষণা কৰিছেন ।

খুইৰুলৰ দাবী, ভাত ৰান্ধিব পাৰিলেও অন্য কোনো খাদ্য তৈয়াৰ কৰিব নোৱাৰে তেওঁৰ ‘পত্নী’য়ে ! সেয়ে তাক নিজৰ জীৱনৰ পৰা বিচ্ছেদ কৰিছে ।

Exit mobile version