একেৰাহে তৃতীয় মাহত দেশত এক লাখ কোটি টকাৰ অধিক জি এছ টি সংগ্ৰহ

photo

কেন্দ্রীয় চৰকাৰে যােৱা ছেপ্টেম্বৰত মুঠ ১,১৭,০১০ কোটি টকাৰ সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) সংগ্রহ কৰিলে। কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে শুকুৰবাৰে এই তথ্য প্রকাশ কৰে।

মুঠ সংগ্রহ কৰা জি এছ টিৰ ২০,৫৭৮ কোটি টকা হৈছে কেন্দ্ৰৰ জি এছ টি আৰু ২৬,৭৬৭ কোটি টকা হৈছে ৰাজ্যৰ জি এছ টি। আনহাতে, এককৃত জি এছ টিৰ পৰিমাণ হৈছে।

৬০,৯১১ কোটি টকা আৰু উপকৰৰ পৰিমাণ হৈছে ৮,৭৫৪ কোটি টকা। একেৰাহে তৃতীয় মাহৰ বাবে দেশত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ এক লাখ কোটি টকাৰ ঊধ্বর্ত আছে।

যােৱা বছৰৰ ছেপ্টেম্বৰৰ তুলনাত ২০২১ৰ ছেপ্টেম্বৰত জি এছ টিৰ সংগ্ৰহৰ পৰিমাণ ২৩ শতাংশ বৃদ্ধি পালে। যােৱা আগষ্টত দেশত ১,১২,০২০ কোটি টকাৰ জি এছ টি সংগ্রহ কৰা হৈছিল।

Exit mobile version