জিলা উপায়ুক্তৰ কাৰ্যালয়ত ক’ভিডত মৃত পৰিয়ালক প্ৰদান এক লাখ টকাৰ আৰ্থিক সাহায্য
উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা লগতে উপায়ুক্ত বিশ্বজিৎ পেগু ৷
প্ৰাৰ্থনা আঁচনিৰ অধীনত ক’ভিড মহামাৰীত মৃত ব্যক্তিৰ পৰিয়ালক এক লাখ টকাৰ এক কালীন আৰ্থিক সাহায্য।৪৬ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় এই সাহায্য ।
মহানগৰীত ৬০ টা পৰিয়ালৰ আজি ৪৬ টাক দিয়া হয় ৷ যদিও আন লোক সকলকো প্ৰদান কৰা হব এই সাহায্য।
পিতৃ মাতৃ হেৰুৱা পৰিয়ালৰ সন্তানক পোহপাল দি পঢ়া শুনা খৰচ দিয়াৰ বাবেও আছে আন এক আঁচনি ৷৩১ খন জিলাৰ ৫১৯ গৰাকীক আজিৰ দিনটোত প্ৰদান কৰা হ’ব ৷
মৃত পৰিয়ালৰ লোক সকলে উপায়ুক্ত কাৰ্যালয়ত যোগাযোগ কৰিলে পাব এই সাহায্য।