ড্রেগণ ফলক কিয় কয় ‘ছুপাৰ ফুড’

dragon fruit 1296x728 feature

কিছু বছৰ আগলৈকে ড্রেগন ফল সম্পর্কে আমাৰ দেশৰ প্ৰায়ভাগ লােক পৰিচিত নাছিল। এতিয়া পিছে প্ৰায়ভাগ ৰাজ্যতে এইবিধ ফলৰ খেতি কৰিবলৈ ধৰিছে। বিদেশী ফলবিধৰাে আছে শৰীৰৰ বাবে উপকাৰী গুণ। এইবিধ ফল খালে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিৰ লগতে শৰীৰে প্ৰয়ােজনীয় উপাদান লাভ কৰিব পাৰে। মিঠা আৰু সুস্বাদু ফলবিধক বহুতে ‘ছুপাৰ ফুড’ হিচাপে আখ্যা দিছে। এইবিধ ফলত ভিটামিন ‘চি’ৰ পৰা আৰম্ভ কৰি বিভিন্ন খনিজ পদার্থ থাকে। ৰােগ প্রতিৰােধ ক্ষমতা বৃদ্ধিৰ উপৰি কোষ্ঠকাঠিন্য আৰু ৰক্তহীনতা আদিৰ পৰাও হাত সাৰিব পাৰি।

★ৰােগৰ বিৰুদ্ধে যুঁজ দিব পৰা শক্তি আছে ড্রেগন ফলৰ। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা বাবে ফ্রিৰেডিকেলৰ বাবে হােৱা প্রদাহ আৰু কোষৰ ক্ষতি সহজেই প্ৰতিৰােধ কৰাটো সম্ভৱ। গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে প্রচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা বাবে হৃদৰােগ,কেন্সাৰ, ডায়েবেটিছ আদি প্রতিবােধ কৰিব পাৰে।

★যিসকলৰ হজমৰ সমস্যা আছে। তেওঁলােকে ড্রেগন ফল খাব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ উপলব্ধ হােৱা বাবে হজমশক্তি স্বাভাৱিক কৰি ৰাখে।

★ড্রেগনত প্র’বায়’টিক থকা বাবে অন্ত্ৰৰ ভাল বা উপকাৰী বেক্টেৰিয়াৰ ভাৰসাম্য ৰক্ষা কৰে। যিমানে প্র’বায়’টিকে অশ্রু ভাৰসাম্য ৰক্ষা কৰিব সিমানেই। ডায়েৰীয়াৰ সংক্ৰমণৰ আশংকা হ্রাস কৰিব। শৰীৰত আয়ৰণৰ অভাৱ নহয় যদিহে ফলবিধ নিয়মীয়াকৈ খােৱা হয়।

★ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি থকা বাবে ৰােগ প্ৰতিৰােধ ক্ষমতাৰ উন্নতি কৰিব। এইক্ষেত্ৰত ইয়াত থকা কেৰ’টিনয়ড আদিয়ে শ্বেত ৰক্ত কণিকা আদি ক্ষতিসাধন হােৱাৰ পৰা ৰক্ষা কৰে।

★ড্রেগনত প্ৰচুৰ পৰিমাণে মেগানেছিয়াম পােৱা যায়। এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে শৰীৰৰ প্ৰতিটো কোষতেই এইবিধ খনিজ পদার্থ পােৱা যায়। তদুপৰি শৰীৰত সংঘটিত ছয়শতকৈও অধিক ৰাসায়নিক বিক্রিয়াত অংশ লয়। খাদ্য গ্রহণৰ পাছত ইয়াক ভাঙি শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

★এইবিধ ফল নিয়মীয়াকৈ সুস্থ প্রাপ্তবয়স্ক লােকে কমেও ২৫ গ্রাম খাব পাৰে। যদিহে কোনাে লােকৰ অসুখ-বিসুখ থাকে তেতিয়াহ’লে পুষ্টিবিশেষজ্ঞৰ পৰামর্শ লােৱাটো ভাল।

Exit mobile version