বজালীৰ সৰুপেটাত দুই ভাই ককাইৰ সলিল সমাধি

সৰুপেটা অঞ্চলত শোকৰ ছাঁ

bd92104c cd04 428c 8c9b 42b1d2c0e667

বজালীৰ সৰুপেটাত ঘটিল অঘটন । দুই ভাই ককাই মিলি পুখুৰীত গা ধুব গৈ হেৰুৱালে জীৱন । সৰুপেটাৰ ভগৱান তালুকদাৰ পুত্ৰ অভিযন্তা সুৰজিত তালুকদাৰ(২৭) আৰু পাঠশালাৰ চিকিৎসক কুমাৰেশ দাস (২৭) দুয়ো গা ধুব গৈছিল সুৰজিতৰ ঘৰৰ কাষতে থকা পুখুৰীত ।

ক্ষন্তেক পাছতেই প্ৰতিবেশীয়ে পুখুৰীত দুয়োৰে মৃতদেহ দেখি হুৱাদুৱা লগায় । ঘটনাস্থলীত সৰুপেটা আৰক্ষী উপস্থিত হৈ দুয়োৰে মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কুমাৰেশ দাস সুৰজিত তালুকদাৰৰ পেহীয়েকৰ পুতেক আছিল আৰু যোৱাকালি অৰ্থাৎ শুক্ৰবাৰে কুমাৰেশে সৰুপেটাৰ মোমায়েকৰ ঘৰলৈ আহিছিল । উল্লেখ্য যে সুৰজিত তালুকদাৰ কটন বিশ্ববিদ্যালয়ত কৰ্মৰত অভিযন্তা আছিল আৰু কুমাৰেশ দাস পাঠশালা সমীপৱৰ্তী আমদহ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আছিল । দুই মেধাবী তথা অতি অমায়িক ভাই ককাইৰ কৰুণ মৃত্যুত স্বাভাৱিকতে কান্দোনৰ ৰোল উঠিছে সৰুপেটাত ।

Exit mobile version