শালবাৰীৰ আনন্দ বজাৰত চুৰি আঘাতত মৃত্যু যুৱক

অভিযুক্ত হত্যাকাৰী কিশোৰক আটক আৰক্ষীৰ

17 04 2021 dead body file 21567316

বাগসাৰ শালবাৰীৰ আনন্দ বজাৰত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়৷ ১৭ বছৰীয়া কিশোৰৰ চুৰিআঘাতত মৃত্যু হয় এজন বিবাহিত যুৱকৰ৷

নিহত যুৱক জন আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত পাটলা গাঁওৰ দীপক দাস ওৰফে মুন(৩৫)৷আনফালে হত্যাকাণ্ড সংঘটিত কৰা কিশোৰজন আনন্দ বজাৰ শংকৰ মন্দিৰৰ কাষত বাস কৰা বিতু ৰয়৷

ইতিমধ্যে নিশাই আনন্দ বজাৰ আৰু শালবাৰী আৰক্ষীয়ে ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী কিশোৰ জনক৷ জানিব পৰা মতে যোৱা নিশা আনন্দ বজাৰ-পাটলা সংযোগী পথৰ পল্লা নৈৰ পাৰৰ শ্মশান ঘাটৰ সমীপত সাধাৰণ কথাক লৈ প্ৰতিনিয়ত মদ-ভাঙত ব্যস্ত থকা বিতু ৰয় নামৰ যুৱকজনে ক্ষুদ্ৰ ব্যৱসায়ী দীপক দাস ওৰফে মুনৰ লগত হঠাতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু তাতেই ছেগ বুজি লগত থকা চুৰিৰে বিতু ৰয়ে ডিঙি আৰু বুকুত উপৰ্যুপৰি আঘাত কৰে দীপকক৷

ঘটনাস্থলীতে মূৰ্মুষ অৱস্থা হোৱা বিবাহিত যুৱক দীপক দাসক ততাতৈয়াকৈ চিকিৎসাৰ বাবে শালবাৰী মেডিকেললৈ লৈ যোৱা হয় যদিও আদবাটতে মৃত্যু হয় দীপক দাসৰ৷ নিশাই আনন্দ বজাৰ আৰু শালবাৰী আৰক্ষীয়ে অভিযান চলাই ৰাইজৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় হত্যাকাণ্ড সংঘটিত কৰা বিতু ৰয় নামৰ কিশোৰজনক৷ ইতিমধ্যে আৰক্ষীয়ে বিতু ৰয়ক জেৰা অব্যাহত ৰখাৰ বিপৰীতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰাৰ অন্তত আজি আবেলিৰ ভাগত প্ৰশাসনৰ লোকে পৰিয়ালৰ লোকক গতাই দিয়ে৷উল্লেখ্য যে ক্ষুদ্ৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া হত্যাৰ বলি হোৱা যুৱকজনে নিজৰ ৰুগীয়া মাতৃৰ উপৰিও পত্নী আৰু দুই শিশু পুত্ৰক এৰি যায়৷

Exit mobile version