Ladakh: লাডাখত বৃদ্ধি পাইছে চীনা সৈন্য ! সেনাপ্রধানৰ সতৰ্কবাৰ্তা ,প্ৰত্যুত্তৰ দিবলৈ সাজু এম -৭৭৭কামানা

1633168117 army

পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) পুনৰ বৃদ্ধি পাইছে চীনা সৈন্যৰ সংখ্যা ।শনিবাৰে লেহ্ত উপস্থিত হৈ এই মন্তব্য কৰিলে ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে তেওঁ কয়, “এলএচিত নতুনকৈ চীনা সেনা মোতায়েন কৰা হৈছে।” যিটো আমাৰ বাবে চিন্তাৰ বিষয়। ”

লাডাখৰ লগতে অৰুণাচল প্ৰদেশৰ এলএচিত চীনা সৈন্যৰ সংখ্যা বৃদ্ধি পাইছে বুলিও জনাইছে তেওঁ। কিন্তু একে সময়তে তেওঁ ঘোষণা কৰে, “যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু ভাৰতীয় সেনা । ”

গান্ধীজীৰ ১৫২ তম জন্ম জয়ন্তী উপলক্ষে শনিবাৰে লেহ চহৰত বিশ্বৰ সৰ্ববৃহৎ খাদীৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছে। জেনেৰেল নাৰাৱনৰ স’তে এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ উপ ৰাজ্যপাল এম কে মাথুৰ ।

দুদিনীয়া লাডাখ ভ্ৰমণত আহি ৰেজিংলাত থকা সেনাৰ ফৰৱাৰ্ড বেচটো পৰিদৰ্শন কৰে জেনেৰেল নাৰাভানে।সেনাৰ সূত্ৰই জনোৱা মতে পূব লাডাখত সম্ভাৱ্য চীনা আক্ৰমণৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে এম-৭৭৭ আৰু কে৯ বজ্ৰ হাউইটজাৰ কামান মোতায়েন কৰা হৈছে।

আমেৰিকা বি.এ.ই. সংস্থাই নিৰ্মাণ কৰা ১৫৫ মিলিমিটাৰৰ (৩৯ কেলিবাৰ)আৰু এম-৭৭৭ আফগানিস্তানৰ নাটো বাহিনীৰ অন্যতম সঁজুলি আছিল।

বিশ্বৰ এইটো প্ৰথম ১৫৫ মিলিমিটাৰ কামান, যাৰ ওজন ৪,২১৮ কিলোগ্ৰামতকৈ কম । ফলত, হেলিকপ্টাৰৰ সহায়ত দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত মোতায়েন কৰাটো সহজে সম্ভৱ।মিনিটত পাঁচ ৰাউণ্ড গুলিচালন কৰা কৰা এম-৭৭৭ কামানৰ পৰা । স্কেলটো সৰ্বাধিক ৩০ কিলোমিটাৰ।

আনহাতে, ভাৰতে দক্ষিণ কোৰিয়াৰ কাৰিকৰী সমৰ্থনত সজ্জিত বাহন কঢ়িয়াই অনা ১৫৫ মিলিমিটাৰ হাউইটজাৰ কে-৯ বজ্ৰ নিৰ্মাণ কৰিছে।

Exit mobile version