নুমলীগড় শোধনাগাৰক ন মিলিয়ন মেট্ৰিকটন শোধন ক্ষমতালৈ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তুতি কেন্দ্ৰৰ

বহু নিবনুৱা যুৱক-যুৱতীৰ সংস্থাপনৰ সম্ভাৱনা

নুমলীগড় শোধনাগাৰক তিনি মিলিয়ন মেট্ৰিকটনৰ পৰা ন মিলিয়ন মেট্ৰিকটন শোধন ক্ষমতালৈ সম্প্ৰসাৰণ কৰাৰ প্ৰস্তুতি ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰে সম্পন্ন কৰিছে ৷ চলিত বৰ্ষৰ পৰাই সম্প্ৰসাৰণ কেন্দ্ৰীক আন্তঃগাঁথনি উন্নয়নৰ কাম শোধনাগাৰটোত আৰম্ভ হ’ব ৷ এই লৈ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ নিবনুৱা যুৱক-যুৱতীসকলেও দেখিছে আশাৰ ৰেঙণি ৷

গোলাঘাট জিলাৰ শোধনাগাৰটোত বিভিন্ন প্ৰান্তৰ কৰ্মৰত অভিজ্ঞ ঠিকাদাৰ আৰু নিবনুৱা যুৱক একত্ৰিত হৈ আজি শোধনাগাৰৰ সমীপৰ তেলগৰম নাগৰিক মঞ্চত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে ৷ সভাত জিলাখনৰ শিক্ষিত যুৱকসকলে এখন উপ-ঠিকাদাৰ সন্থা গঠন কৰে ৷ অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সোনেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি হেমন্ত শইকীয়া, নুমলীগড়ৰ সঞ্জীৱ ৰাভা, আটাছু গোলাঘাট জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱা, বোকাখাটৰ দীপাংকৰ শৰ্মা, সুৰেন হাজৰীকাই বক্তব্য আগবঢ়াই ৷

সভাত তোলন বৰাক সভাপতি আৰু অন্টু বৰুৱাক সম্পাদক হিচাপে লৈ নুমলীগড় শোধনাগাৰ সমীপৱৰ্তী উপ-ঠিকাদাৰ সন্থা নামাকৰণৰে এখন ২১জনীয়া সমিতি গঠন কৰে ৷

Exit mobile version