প্ৰথমবাৰ মহাকাশত গৱেষণা কৰা হ’ব ক’ভিড ঔষধ সন্দৰ্ভত

প্ৰস্তুতি আৰম্ভ কৰিছে ইউৰোপিয়ান স্পেছ এজেন্সিয়ে

1 jy02AqOYaVauKDpoJdo7Pg

ক’ভিড, কৰ্কট ৰোগ, এলজাইমাৰ্চৰ দৰে জটিল ৰোগৰ নতুন নতুন ঔষধ আৱিষ্কাৰৰ ভিত্তিভূমি হ’ব এইবাৰ মহাকাশ । তাতেই পৰ্যবেক্ষণ কৰা হ’ব এই ৰোগবোৰত ব্যৱহৃত ঔষধবোৰে মানৱশৰীত কেনেদৰে কাম কৰে আৰু কেনেদৰে কাম কৰিলে এইবোৰৰ কার্যকাৰিতা অধিক বঢ়াব পৰা যাব । ইউৰোপিয়ান স্পেছ এজেন্সি (এছা)-ৰ তৰফৰ পৰা শনিবাৰে এটা বিবৃতিত এই কথা জনোৱা হৈছে ।

এছা-ই জনায়, বিভিন্ন ঔষধ সন্দৰ্ভত গৱেষণাৰ বাবে মহাকাশেই আদর্শ ক্ষেত্র হৈ উঠিব পাৰে । মহাকাশৰ ভৰশূন্য (মাইক্রোগ্রেভিটী) অৱস্থাই বহু নতুন ঔষধ আৱিষ্কাৰ আৰু এইবোৰৰ কার্যকাৰিতা বৃদ্ধি কৰাৰ পথ প্ৰশস্ত কৰিব পাৰে । ভূ-পৃষ্ঠৰ পৰা প্রায় চাৰিশ কিলোমিটাৰ ওপৰত পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰা আন্তর্জাতিক মহাকাশ ষ্টেচনক এই গৱেষণা চলোৱা ক্ষেত্র হিচাপে বাছি লোৱা হৈছে । ঔষধে মানৱদেহত সোমাই কোন লক্ষ্যত (ড্রাগ টার্গেট) যাব, প্রথমবাৰ জানিব পৰা যাব মহাকাশত । ঔষধে শৰীৰত কেনেদৰে কাম কৰিব, কোন পথত আগবাঢ়িব, সেইটোও প্রথম মহাকাশতেই পৰ্যবেক্ষণ কৰা হ’ব ।

মহাকাশত বায়ুমণ্ডলৰ প্ৰভাৱ নাই, বিভিন্ন ধৰণৰ প্ৰদূষণকণাও নাই । সেয়ে ঔষধ আৱিষ্কাৰ আৰু কেনেদৰে শীঘ্ৰে প্ৰস্তুত কৰিব পৰা যাব, সেই উপায় সন্ধান কৰাৰ শ্ৰেষ্ঠ ঠাই হৈ পৰিব মহাকাশ ।

এছা-ৰ বিবৃতিত জনোৱা হৈছে, প্রাথমিকভাৱে পৰ্যবেক্ষণ কৰা হ’ব ক’ভিডৰ অন্যতম ঔষধ ৰেমডেচিভিৰৰ কার্যকাৰিতা কেনেদৰে বৃদ্ধি কৰিব পৰা যায় । মানৱকোষত থকা চাইক্লোডেক্সট্রিনক লক্ষ্য কৰি পঠোৱা হয় ৰেমডেচিভিৰ, মহাকাশৰ গৱেষণাগাৰত এইবাৰ পৰ্যবেক্ষণ কৰা হ’ব সেই লক্ষ্যক কেনেদৰে অধিক নির্ভুল, আৰু নিখুঁত কৰি তুলিব পাৰি । যাতে ৰেমডেচিভিৰৰ কার্যকাৰিতা আৰু বৃদ্ধি পায় । অল্প পৰিমাণৰ ঔষধ প্রয়োগেৰেই যাতে কাম হয় । এইটোৱে হ’ব ক’ভিডৰ ঔষধক লৈ মহাকাশত প্রথমটো গৱেষণা ।

পৰৱৰ্তী পৰ্যায়ত আন্তর্জাতিক মহাকাশ ষ্টেচনত ঔষধক লৈ গৱেষণা কৰিব এডিনবার্গ বিশ্ববিদ্যালয়ে । তেওঁলোকৰ অভিযানৰ নাম ‘বায়’এষ্টাৰয়েড’ । নতুন নতুন কার্যকৰী ঔষধ আৱিষ্কাৰৰ বাবে তেওঁলোকে অণুজীৱ লৈ গৱেষণা চলাব মহাকাশ ষ্টেচনৰ ভৰশূন্য অৱস্থাত । লগতে ডিএনএ লৈও গৱেষণা চলোৱা হ’ব ।

এটা বিবৃতিত এছা-ৰ তৰফৰ পৰা জনোৱা হৈছে, ভৰশূন্য অৱস্থাতেই এই ঔষধৰ গৱেষণা কৰা জৰুৰী হৈ পৰিছে । পৃথিৱীৰ গৱেষণাগাৰবোৰৰ মূল সমস্যা বায়ুমণ্ডল আৰু বায়ুমণ্ডলত থকা প্ৰদূষণ কণা মহাকাশত নাথাকিব । সেয়ে মহাকাশকেই ঔষধ আৱিষ্কাৰৰ আদর্শ ঠাই হিচাপে বাছি লৈছে ইউৰোপিয়ান স্পেছ এজেন্সিয়ে ।

Exit mobile version