পৰ্যটনস্থলীৰূপে গঢ়ি তোলা হ’ব মানাহৰ কাহিতামা বনাঞ্চলক

২৬৪ চোৰাং চিকাৰীৰ আত্মসমৰ্পন মানাহৰ বাবে এক ঐতিহাসিক দিন

পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হ’ব মানাহৰ কাহিতামা বনাঞ্চলক ৷ এই কথা সদৰী কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই ৷ পহিলা অক্টোবৰত পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰাৰ সমান্তৰালভাৱে দুই অক্টোবৰৰ পৰা সাত অক্টোবৰলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই উদযাপন কৰিবলৈ লৈছে ৬৭তম বন্যপ্ৰাণী সপ্তাহ ৷‌ ইয়াৰ লগতে সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ কাহিতামা বনাঞ্চলিক কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰে এখন সভা ৷

সভাত কাহিতামা বনাঞ্চলক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ তথা পৰ্যটকক আকৰ্ষণ কৰিবলৈ ল’ব পৰা পন্থাৰ বিষয়ে অৱগত কৰে স্থানীয় ৰাইজক ৷ ইয়াৰ উপৰি বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰা সম্পৰ্কতো অঞ্চলবাসীক অৱগত কৰে মানাহৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই ৷

উল্লেখ্য যে মানাহত বনধ্বংস চলোৱা ২৬৪ জন চোৰাং চিকাৰীয়ে শনিবাৰে চিৰাং জিলাৰ বেংতলত বহুসংখ্যক বন্দুক আৰু অন্যান্য সা-সামগ্ৰীৰে আত্মসমৰ্পণ কৰাৰ কথা ব্যক্ত কৰি এয়া মানাহৰ বাবে অতি ভাল দিন বুলিও অৱগত কৰে ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে ৷

উক্ত সজাগতামূলক সভাখনত মানাহৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাৰ উপৰিও প্ৰাক্তন বন বিষয়া ধৰণীধৰ বড়ো, বন বিষয়া বাবুল ব্ৰহ্ম, প্ৰাক্তন এনডিএফবি নেতা বি বিদাই, বহুসংখ্যক বনকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

Exit mobile version