M. Venkaiah Naidu : আমি তৎপৰতাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে : উপ ৰাষ্ট্ৰপতি

ভাৰতীয় নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ অৰ্থে এটি ৰাষ্ট্ৰীয় অভিযানৰ আহ্বান

Venkaiah Naidu e1591527507463

বিদ্যালয়ৰ পাঠক্ৰমত নদী সংৰক্ষণ সম্পৰ্কীয় পাঠ অৱশ্যেই অন্তৰ্ভুক্ত কৰিব লাগেঃ শ্ৰী নাইডু

 

উপ ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৱে আজি গুৱাহাটীত নদীসমূহৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এটি শক্তিশালী ৰাষ্ট্ৰীয় অভিযানৰ আহ্বান জনাই আৰু ‘আমি তৎপৰতাৰ ভাৱনাৰে আমাৰ নদীসমূহ সংৰক্ষণ কৰিব লাগে’ বুলি পৰামৰ্শ প্ৰদান কৰে।

নদীসমূহক ইয়াৰ জীৱন-দায়িনী শক্তিৰ বাবে সদায়েই ভাৰতত পূজা কৰি অহাৰ কথা উল্লেখ কৰি, শ্ৰী নাইডুৱে কয় যে বৰ্ধমান নগৰীকৰণ আৰু উদ্যোগীকৰণে দেশখনৰ ভিন্ন প্ৰান্তৰ নদী আৰু আন জলাশয়সমূহক প্ৰদূষিত কৰিবলৈ ধৰিছে। “পূৰ্বে, আমাৰ গাঁও আৰু চহৰসমূহত বহু জলাশয় আছিল। আধুনিকীকৰণৰ ফলশ্ৰুতিত জনসাধাৰণে প্ৰাকৃতিক বাতাবৰণক ধ্বংস কৰি আছে আৰু বহু স্থানত, জলাশয়সমূহ কাৰ্যতঃ অদৃশ্য হৈ পৰিল বা এইসমূহক দখল কৰা হ’ল”, তেওঁ কয়।

উত্তৰ পূব ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হোৱা উপ ৰাষ্ট্ৰপতিগৰাকীয়ে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ঐতিহ্য-ও-সাংস্কৃতিক কেন্দ্ৰ উদ্বোধনেৰে কাৰ্য্যসূচী আৰম্ভ কৰে। তেওঁ এই কাৰ্য্যসূচীত কেন্দ্ৰটোৰ সংগ্ৰহালয় দৰ্শন কৰে আৰু ‘ফৰএভাৰ গুৱাহাটী’ শীৰ্ষক এখনি কফি-টেবুল বুক উন্মোচন কৰে।

পাছত এটি ফেচবুক প’ষ্টত, শ্ৰী নাইডুৱে অসম ভ্ৰমণ আৰু ব্ৰহ্মপুত্ৰ নদী দৰ্শনৰ অভিজ্ঞতাক অবিস্মৰণীয় বুলি কয়। তেওঁ এইবুলি লিখে যে তেওঁ ‘চমৎকাৰী ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি বিস্মিত হৈছে আৰু তেওঁ এই স্মৃতি কঢ়িয়াই লৈ ফুৰিব।’ তেওঁ লগতে কয় যে কেইবা নিযুত লোকক জীৱিকা আগবঢ়োৱা এই মহান নদীখনি অঞ্চলটোৰ সংস্কৃতি আৰু ইতিহাসৰ এক অবিচ্ছেদ্য অংগ।

নদীসমূহ আৰু এইসমূহৰ পুনৰুজ্জীৱনৰ গুৰুত্বৰ কথা উল্লেখেৰে, শ্ৰী নাইডুৱে কেন্দ্ৰীয় চৰকাৰখন আৰু ৰাজ্য চৰকাৰসমূহক বিদ্যালয়ৰ পাঠ্যক্ৰমত জল সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত পাঠ অন্তৰ্ভুক্তকৰণৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ তদুপৰি এই পৰামৰ্শও আগবঢ়াই যে বিদ্যালয়সমূহে প্ৰাৰম্ভিক সময়ৰেপৰা ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থে প্ৰকৃতি শিৱিৰ (nature camp) অনুষ্ঠিত কৰা উচিত যাৰ জৰিয়তে নগৰীয়া অঞ্চলত বসবাস কৰাসকলকে প্ৰমুখ্য কৰি শিশু সমাজে প্ৰকৃতিৰ চমৎকাৰিতা প্ৰত্যক্ষ আৰু উপভোগ কৰিবলৈ পাব।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহ্য কেন্দ্ৰটো অৱস্থিত টিলাটোৰ বৃত্তান্ত উল্লেখ কৰি কয় যে ই আছিল আহোম সাম্ৰাজ্যৰ অতিশয় পৰাক্ৰমী বৰফুকন লাচিত বৰফুকনৰ সৈন্য ঘাঁটি। এই ভ্ৰমণকালত, শ্ৰী নাইডুৱে কেন্দ্ৰটোৰ ভিন্ন শাখা কলা বীথিকা, কেন্দ্ৰীয় হল আদি প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে ‘নৈপৰীয়া জীৱন’ (Life Along the River) আৰু ‘মাজুলী কৰ্নাৰ’ বিষয়েৰে গঢ়ি তোলা ইয়াক বিখ্যাত মুখা শিল্প, পেনেল পেইন্টিং আৰু আন-আন কলাকৃতিৰে সমৃদ্ধ কৰা হৈছে।

শ্ৰী নাইডুৱে এই ঐতিহ্য চৌহদৰ প্ৰশান্তি অক্ষুণ্ণ ৰাখিবলৈ কেৱল খোজ কাঢ়িহে যে এয়া উপভোগ কৰিব পৰা আৰু এই স্থানত যান-বাহনৰ চলাচল নিষিদ্ধকৰণৰ ব্যৱস্থাৰ শলাগ লয়। তেওঁ দেশখনৰ আন ঐতিহ্য কেন্দ্ৰসমূহেও দৰ্শনাৰ্থীৰ বাবে খোজ কঢ়া আৰু চাইকেল চলোৱাৰ পথৰ ব্যৱস্থাৰে এনে সেউজ আৰু সুস্থ পন্থাৰ অভিযোজনা কৰা উচিত বুলি পৰামৰ্শ আগবঢ়ায়।

Exit mobile version