Sasaram Junction : আইএএছ, আইআইটি-ৰ পৰীক্ষাত সফল হ’বলৈ শিক্ষাৰ্থীসকলৰ দিন-নিশাৰ ক্লাছ চাচাৰাম ৰেলষ্টেচনত

1546090662 788

পথৰ ঢিমিক-ঢামাক লেম্প প’ষ্টৰ তলত পঢ়াৰ প্ৰয়োজন নাই । তেওঁলোকৰ বাবে আছে চকমকীয়া ৰেল ষ্টেচন । তাত চাৰিওদিশে উজ্জ্বল পোহৰ । তেওঁলোকে পঢ়া-শোনা কৰে দল বান্ধি । ইজনে সিজনৰ লগত নোট্‌ছ বিনিময় কৰে । তেওঁলোকক পঢ়াবৰ বাবে দক্ষ শিক্ষকো আছে ।

বিদ্যাসাগৰৰ দৰেই তেওঁলোকেও ঘৰ এৰি মাইলৰ পাছত মাইল খোজকাঢ়ি ৰেলষ্টেচনত নিয়মিত পঢ়া-শোনা কৰিবলৈ আহে পোহৰৰ অভাৱত ।

যদিও বিদ্যাসাগৰতকৈ তেওঁলোক কিছু পৰিমাণে বেছি সৌভাগ্যৱান । কাৰণ, তেওঁলোক বিহাৰৰ চাচাৰাম ৰেলষ্টেচনত নিশা পোহৰ পায় পুৱাৰ পোহৰ পর্যন্ত । লগতে অন্য শিক্ষাৰ্থীসকলৰ স’তে আলাপ-আলোচনা কৰি পঢ়াৰ সুযোগো পায় । এদল দক্ষ শিক্ষকো আছে তেওঁলোকৰ বাবে । যিসকলে নিয়মিত আহি এই শিক্ষাৰ্থীসকলক পঢ়ায় ।

চাচৰাম ৰেল ষ্টেচনৰ এই শিক্ষাৰ্থীসকলৰ অধিকাংশই ১৯ কিলোমিটাৰ (বা প্রায় ১২ মাইল) দূৰৰ ৰোহতাছৰ কিছুমান গাঁৱৰ পৰা আহে । বাট কুৰি বাই খোজকাঢ়ে বা চাইকেল চলায় । গাঁৱত দিন-নিশা প্রায় কোনো সময়তেই বিদ্যুৎ নাথাকে ! তদুপৰি, মাওবাদী সন্ত্রাসত সকলো সময়তেই ভয়ত কাঁপিবলগীয়া হয় ৰোহতাছৰ গাঁওবোৰে ।

এই পৰিস্থিতিৰ মাজতেই নিজৰ ভৰিত থিয় দিব বিচাৰিছে ৰোহতাছৰ শিক্ষাৰ্থীসকলে । তেওঁলোকৰ একমাত্র লক্ষ্য চৰকাৰী চাকৰি । আমোলাৰ চাকৰি । আইএএছ, আইপিএছৰ চাকৰি । সেয়ে চাচাৰাম ৰেলষ্টেচনৰ শিক্ষাৰ্থীসকলে সর্বভাৰতীয় স্তৰৰ আইএএছ, আইপিএছ, আইএফএছ আৰু ৰাজ্যস্তৰৰ চিভিল ছাৰ্ভিচ পৰীক্ষাবোৰৰ বাবে প্রস্তুতি চলাইছে । ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আইআইটি) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট (আইআইএম)-ৰ প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হ’বলৈও প্রস্তুতি চলাইছে । এনে পৰিৱেশ দেখি ট্রেইনৰ যাত্রীসকলেও ষ্টেচনত ট্রেইন ৰখিলে বেছি হাই-হুলস্থূল নকৰে । যাতে শিক্ষাৰ্থীসকলৰ মনোযোগত ব্যাঘাত নজন্মে ।

কেৱল লিখিত পৰীক্ষাৰ প্রস্তুতি নহয় । যিসকলে ইতিপূর্বে এইসমূহ পৰীক্ষাত সসম্মানে উত্তীর্ণ হৈছে, তেওঁলোকে এই পৰীক্ষাবোৰৰ ইন্টাৰভিউৰ প্রশিক্ষণো দিয়ে শিক্ষাৰ্থীসকলক । দৈনক পুৱা আৰু সন্ধিয়া দুঘণ্টাকৈ কৰা হয় এই কোচিং ক্লাছ । চাচাৰাম ৰেলষ্টেচনৰ প্লেটফর্মতেই ইংৰাজী, হিন্দীসহ বিভিন্ন ভাষা, গণিত, কাৰেন্ট এফের্ছ আ আৰু ৰিজনিং পঢ়োৱা হয় ।

দিনে-ৰাতি দুঘণ্টাৰ কোচিং ক্লাছৰ উপৰিও গোটেই দিন গোটেই ৰাতি চাচাৰাম ৰেলষ্টেচনত বহি পঢ়াৰ সুযোগ কৰি দিবলৈ ৫০০ শিক্ষাৰ্থীৰ বাবে পৃথক পৰিচয়পত্র বনাই দিছে চাচাৰাম ৰেলষ্টেচন কর্তৃপক্ষ‌ই । যাতে ষ্টেচনত প্ৰৱেশ কৰোতে বা প্ৰস্থান কৰোতে তেওঁলোকৰ কোনো অসুবিধা নহয় ।

ফলত, বহু শিক্ষাৰ্থীয়ে নিশাৰ কোচিং ক্লাছৰ পাছত বাট কুৰি বাই খোজকাঢ়ি ঘৰলৈ উভতি নাযায় । তিন-চাৰি দিন বা দুই-এক সপ্তাহ ষ্টেচনতেই থাকে । যেন আইআইটি বা আইআইএম-ৰ বোর্ডিং বা হোষ্টেল ।

ৰোহতাছৰ দৰে আৰু কিমান যে গাঁও আছে ভাৰতত, য’ত গোটেই দিন বিদ্যুৎ নাথাকে বুলিয়েই ক’ব পাৰি । সেইসমূহ অঞ্চল আইনশৃংখলা পৰিস্থিতিৰ নানান সমস্যাৰে জৰ্জৰিত ।

আগন্তুক সময়ত চাচাৰাম ৰেলষ্টেচন সেইসমূহ গাঁৱৰ শিক্ষাৰ্থীসকলৰ বাবে পথপ্রদর্শক হৈ পৰিব নেকি ?

Exit mobile version