Yamaha : ভাৰতলৈ আহিল য়ামাহাৰ নতুন মেক্সি স্কুটাৰ এৰােক্স ১৫৫

yamaha aerox 155 top 5 highlights

শেহতীয়াকৈ, য়ামাহাই ভাৰতীয় বজাৰত মুকলি কৰিছে এখন নতুন বিলাসী দুচকীয়া বাহন। এৰােক্স ১৫৫ নামৰ এই নতুন মেক্সি স্কুটাৰৰ মূল্য প্রায় ১.২৯ লাখ টকা।

কোম্পানীৰ ক্ল স্কোৱেৰ শ্ব’ৰূমত ইতিমধ্যেই এই স্কুটাৰখনৰ বিক্ৰী আৰম্ভ হৈছে। স্কুটাৰখন ৰেচিং ক্ল আৰু গ্রে ভার্মিলিয়ন এই দুই ৰঙত উপলব্ধ কৰা হৈছে।

নতুন য়ামাহা এৰােক্স ১৫৫ত আছে ১৫৫ চিচিৰ ব্লু কোৰ ইঞ্জিন। এই ইঞ্জিনত পৰিৱৰ্তনশীল ভাভ সক্রিয়কৰণৰ ব্যৱস্থা আছে।

৪ স্ট্রোক লিকুইড কুলড্ এই ইঞ্জিনটোত চিভিটি ট্রেন্সমিছনৰ সুবিধা আছে। এই ইঞ্জিনটোৰ সর্বাধিক শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১৫ পিএছ ১৩.৯ এনএম।

ইফালে য়ামাহাই এই মেক্সি স্কুটাৰখনত ৫.৮ ইঞ্চিৰ চাটস্ক্রীন এলচিডি প্রদান কৰিছে। এই ডিপ্লেত স্পিডােমিটাৰ, আৰপিএম, ভিভিএ ইণ্ডিকেটৰ আদিৰাে সুবিধা ৰখা হৈছে।

আনহাতে, ব্রাই- কানেক্ট এপ ব্যৱহাৰ কৰি স্কুটাৰখনক চালকে নিজৰ স্মার্টফোনৰ স’তেও সংযুক্ত কৰিব পাৰিব। এই এপটোৱে স্কুটাৰ ৰক্ষণাবেক্ষণৰ পৰামর্শ, অন্তিম পার্কিং অৱস্থান, ইন্ধন ব্যয়, অংশবােৰত ত্ৰুটিৰ সতর্কবাণী আদিৰ দৰে তথ্য পৰীক্ষা কৰিব পাৰে।

Exit mobile version