অশান্ত লখনৌত জাৰি ১৪৪ ধাৰা, ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি বিক্ষোভ কৃষকৰ

Violence in Lakhimpur Kheri

লখিমপুৰৰ সংঘর্ষৰ ঘটনাত বিক্ষোভ আৰম্ভ হৈছে লখনৌতো । পথত প্রতিবাদ আৰম্ভ কৰিছে বিক্ষোভকাৰীসকলে । ক্রমে অশান্ত হৈ উঠিছে উত্তৰপ্রদেশৰ ৰাজধানী। লখিমপুৰৰ পআছত এইবাৰ লখনৌতো জাৰি কৰা হৈছে ১৪৪ ধাৰা ।

উত্তৰপ্রদেশৰ মুৰাদাবাদত দিল্লী-লখনৌ ৰাষ্ট্ৰীয় ঘাইপথত বিক্ষোভ আৰম্ভ কৰিছে কৃষকসকলে । ফলত অৱৰুদ্ধ ৰাষ্ট্ৰীয় ঘাইপথ । সোমবাৰে পুৱাই লখিমপুৰত যোৱাৰ চেষ্টা কৰে সমাজবাদী পার্টী নেতা তথা উত্তৰপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রী অখিলেশ যাদৱে । তেওঁক আৰক্ষীয়ে বাধা প্ৰদান কৰে । বাধা দিয়াৰ বাবে তেওঁ পথতে ধৰ্ণা আৰম্ভ কৰে । সেয়ে লখনৌ আৰক্ষীয়ে তেওঁক আটক কৰে । পৰৱৰ্তী সময়ত তেওঁক গ্রেপ্তাৰ কৰা হয় ।

দেওবাৰে উত্তৰপ্রদেশৰ লখিমপুৰ খেৰি অঞ্চলত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কৃষকসকলে । সেই সময়ত কেন্দ্রীয় গৃহ প্রতিমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আকাশ মিশ্রৰ গাড়ীৰ খুন্দাত চাৰি কৃষকৰ মৃত্যু হোৱা বুলি অভিযোগ । ইয়াৰ পাছতেই কনভয়ৰ এখন গাড়ী জ্বলাই দিয়ে উত্তেজিত জনতাই । অন্য বাহনবোৰো ভাঙি পেলায় । এই ঘটনাত চাৰি জনৰ মৃত্যু হয় বুলি অভিযোগ ।

দেওবাৰে নিশা লখিমপুৰ যোৱাৰ পথত সীতাপুৰত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীৰ কনভয়ক বাধা দিয়া হয় । প্রিয়ংকাকো আটক কৰা হয় । সোমবাৰে পুৱা তেওঁক মুক্তি দিয়া হয় । সোমবাৰে ঘটনাস্থলীত যাব পাৰে ত়ৃণমূলৰ পাঁচ সদস্যৰ এটা প্রতিনিধি দল ।

Exit mobile version