অসম-মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাসহ ৰেজিঅ’নেল কমিটীৰ

মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সকলোৰে গ্ৰহণযোগ্য সমাধানৰ বাবে তৎপৰতাৰে কাম কৰি আছে ।

অসম-মেঘালয় সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ ফলপ্ৰসূ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত বিগত জুলাই-আগষ্টত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্তমৰ্মে তিনিখনকৈ সমিতি গঠন কৰা হৈছিল । কামৰূপ জিলা আৰু পশ্চিম খাচী পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ বাবে গঠন কৰা ৰেজিঅ’নেল কমিটীৰ সদস্যসকলৰ স’তে আজি সীমান্তৱৰ্তী জিলা দুখনৰ বিশেষকৈ কামৰূপ জিলাৰ হাঁহিম, আঠীয়াবাৰী, শালবাৰী, মেলচাপাৰা, গামেৰিমূৰা আদি বিবদমান অঞ্চলকেইটা পৰিদৰ্শন কৰো । লগতে অঞ্চলকেইটাৰ স্থানীয় ৰাইজ, স্থানীয় দল-সংগঠন, গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধিসকলৰ মতামত গ্ৰহণ কৰো ।

আজিৰ পৰিদৰ্শনকালত মেঘালয় চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰেনিকটন এল. টংখাৰ, মেঘালয়ৰ কে’বাগৰাকীও জনপ্ৰতিনিধি, অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত তথা সচিব, বিভাগৰ সচিব, সঞ্চালক প্ৰমুখ্যে কামৰূপ আৰু পশ্চিম খাচী পাহাৰৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।

Exit mobile version