লখিমপুৰ হিংসাৰ প্ৰতিবাদত চণ্ডীগড়ত অৱস্থান ধৰ্মঘট কৰি সিধুসহ আটক কংগ্ৰেছ নেতা

2021 10largeimg 1959054678

উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰিত কৃষক হত্যাৰ প্রতিবাদত ধৰ্ণাত বহি আটক নভজোৎ সিং সিধু । সোমবাৰে পুৱাৰ পৰা পঞ্জাৱৰ কিছুসংখ্যক কংগ্রেছ নেতা আৰু বিধায়কৰ স’তে চণ্ডীগড়ৰ ৰাজভৱনৰ বাহিৰত অৱস্থান-ধৰ্মঘট কৰিছিল সিধুৱে । কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰে ।

দেওবাৰে লখিমপুৰত নিহত কৃষকসকলৰ স’তে দেখা কৰিবলৈ যোৱাৰ পথত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীক আটক কৰে আৰক্ষীয়ে । পঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নীয়ে সোমবাৰে হেলিকপ্টাৰত লখিমপুৰত যাবৰ বাবে উত্তৰপ্রদেশ চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল যদিও নাপায় ।

সিধুসহ পঞ্জাৱৰ কংগ্রেছ বিধায়কসকলৰ দাবী, শীঘ্ৰে বিৰোধীসকলক লখিমপুৰ পৰিদর্শনৰ অনুমতি দিব লাগে যোগী চৰকাৰে । লগতে, কেন্দ্রীয় কৃষি আইন প্রত্যাহাৰ আৰু লখিমপুৰ হিংসাত অভিযুক্ত কেন্দ্রীয় গৃহ প্রতিমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আকাশৰ বিৰুদ্ধে আইনী পদক্ষেপৰ দাবী উত্থাপন কৰে তেওঁলোকে ।

Exit mobile version