ছুইজাৰলেণ্ড চৰকাৰে কৰ’নাৰ প্ৰতিষেধক গ্ৰহণৰ বাবে দেশখনৰ নাগৰিকসকলক অনুপ্রাণিত কৰিবলে প্রতি ব্যক্তিক প্রায় চাৰি হেজাৰ টকাৰ সা-সামগ্রী উপহাৰৰ আঁচনি গ্রহণ কৰিছে।
চৰকাৰে ক’ভিড প্রতিষেধক গ্ৰহণ কৰা প্রতিজন ব্যক্তিক কুপন উপহাৰ দিব আৰু এই কুপন ব্যৱহাৰৰ জৰিয়তে উক্ত ব্যক্তিয়ে চিনেমা হলত চিনেমা উপভােগ আৰু ৰেস্তোৰাঁত আহাৰ বিনামূল্যে গ্রহণ কৰিব পাৰিব।
ছুইজাৰলেণ্ডৰ ৮৭ লাখ জনসংখ্যা মাত্র ৫৮ শতাংশইহে বর্তমানলৈকে ক’ভিডৰ প্ৰতিষেধক গ্রহণ কৰিছে। টিকাকৰণৰ প্ৰতি দেশবাসীক আগ্রহী কৰিবলৈ ছুইজাৰলেণ্ড চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিলে।
টিকাকৰণৰ বাবে ছুইজাৰলেণ্ড চৰকাৰে ১১শ কোটি টাকা ব্যয় কৰিব। উল্লেখ্য যে ছুইজাৰলেণ্ডত এতিয়ালৈকে আঠ লাখ ৪১ হেজাৰ লােক কৰ’নাত আক্রান্ত হ’ল। তদুপৰি দেশখনৰ ১১ হেজাৰ লােকৰ ক’ভিডত বর্তমানলৈকে মৃত্যু হৈছে।