‘তালিবানক সদায় টুইট কৰিবলৈ দিয়ে, কিন্তু মােক টুইট কৰিবলৈ নিদিয়ে। মােৰ ওপৰতে যত নিষেধাজ্ঞা। ‘এই অভিযােগ উত্থাপন কৰি এইবাৰ টুইটাৰৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প।
ADVERTISEMENT
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচন অনুষ্ঠিত হােৱাৰ সময়তে মাইক্র’ ব্ল’গিং ছাইটটোৱে ট্রাম্প টুইটাৰ একাউণ্ট স্থায়ীভাৱে বন্ধ কৰি দিছিল। টুইটাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে এইবাৰ আদালতৰ কাষ চাপিল প্রাক্তন ৰাষ্ট্রপতিজন।
ফ্ল’ৰিডাৰ ফেডাৰেল আদালতত আবেদন দাখিল কৰি ট্রাম্পে এইদৰে কয়,’তালিবানে নিতৌ টুইট কৰিব পাৰিছে। নিজৰ মতাদৰ্শৰ প্ৰচাৰ কৰিছে। অথচ মােৰ একাউন্ট বন্ধ কৰি দিয়া হৈছে।’আদালতৰ দ্বাৰস্থ হৈ ট্রাম্পে টুইটাৰ কর্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনাইছে।