Kareena Kapoor : পুনৰ ট্ৰ’লৰ সন্মুখীন অভিনেত্ৰী কৰিনা কাপুৰ

999040 kareena kapoor khan 1

বলীউডৰ অন্যতম চৰ্চিত আৰু জনপ্ৰিয় অভিনেত্ৰী কৰিনা কাপুৰ খান । বিভিন্ন সময়ত বহুবাৰ ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈ আহিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী।

শেহতীয়াকৈ তেনে এটা ঘটনালৈ পুনৰ চৰ্চিত হৈছে কৰিনা। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এইবাৰ অভিযোগ উঠিল অত্যাধিক অহংকাৰী বুলি । এজন নিৰাপত্তাৰক্ষীৰ স’তে কৰা আচৰণৰ বাবে ক্ষুব্ধ হৈ পৰিছে নেটিজেনসকল ।

ভিডিঅ’টো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে এজন বৃদ্ধ নিৰাপত্তাৰক্ষীয়ে থিয় হৈ কৰিনাক অভিবাদন জনাইছে ।

কিন্তু অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সন্মুখৰে পাৰ হৈ গ’ল যদিও ঘূৰিও নাচালে। আনকি কোনো গুৰুত্বও দিয়া নাই।

তেওঁৰ এই আচৰণত ক্ষোভ প্ৰকাশ কৰিছে নেটিজেনসকলে । তেওঁলোকৰ দাবী অভিনেত্ৰীগৰাকী বহুত ‘ঘামান্দি’। এজনে লিখিছে, “নিৰাপত্তাৰক্ষীয়ে আপোনাক অভিবাদন জনাইছিল। কিন্তু আপুনি তেওঁক সম্ভাষণ জনোৱা নাছিল। “আন এজনে পুনৰ লিখিছে, “আপুনি অহংকাৰী নেকি ! এবাৰো এই বৃদ্ধজনক উত্তৰ নিদিলে। এইবোৰ দেখি য়ে বুজি পোৱা যায় আপুনি মনৰ ক্ষেত্ৰত কিমান তলত আছে ।”

 

কৰিনাৰ অনুৰাগীসকলে পুনৰ দাবী কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে নিৰাপত্তাৰক্ষী জনক দেখা নাছিল। কিন্তু এইয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেইও সামাজিক মাধ্যমত বিভিন্ন বিষয়ক লৈ বিতৰ্কত জড়িত হৈ পৰে অভিনেত্ৰীগৰাকী।

Exit mobile version