Taliban : কাবুল আইএছ-কেৰ ঘাটিত আক্ৰমণ তালিবানৰ, মছজিদত বিস্ফোৰণৰ পাছত তুমুল সংঘৰ্ষ দুই গোষ্ঠীৰ

kfee86ho taliban kabul mosque attack

দেওবাৰে কাবুলত মছজিদৰ বাহিৰত বিস্ফোৰণৰ ঘটনাৰ পাছত আইএছ-খোৰাছান সন্ত্ৰাসবাদী সংগঠনৰ ওপৰত ওলোটাই আক্রমণ কৰিলে তালিবানে । সেইদিনা নিশাই উত্তৰ কাবুলত খোৰাছানৰ এটা ঘাটিত আক্ৰমণ কৰা হয় বুলি দাবী কৰিলে তালিবান মুখপাত্র জাবিউল্লা মুজাহিদে ।

আফগানিস্তানত তালিবানি চৰকাৰ গঠনৰ পাছত এয়ে প্রথম ৰাজধানী চহৰত বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল । এই ঘটনাত বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ । বিস্ফোৰণ কৰা বুলি স্বীকাৰ কৰিছে আইএছ-কে-য়ে । ইয়াৰ পাছতেই উত্তৰ কাবুলৰ ১৭ নম্বৰ জিলাৰ সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত আক্ৰমণ কৰা হয় । এই আক্ৰমণত আইএছ-কেৰ বহু কেইজন সদস্যৰ মৃত্যু হৈছে বুলি দাবী কৰিছে মুজাহিদে ।

যোৱা আগষ্টত আফগানিস্তানত তালিবান ক্ষমতাত অহাৰ পাছত নাগৰিকসকলক দেশত উভতাই নিয়াৰ কাম আৰম্ভ কৰিছিল আমেৰিকা, ব্রিটেন, ফ্রান্সসহ বহু দেশে । সেই সময়ত কাবুল বিমানবন্দৰৰ বাহিলত মানৱ বোমা বিস্ফোৰণত বহু আফগান আৰু আমেৰিকাৰ সেনা নিহত হৈছিল । সেই ঘটনা সংঘটিত কৰা বুলিও স্বীকাৰ কৰিছিল আইএছ-কে-য়ে ।

Exit mobile version