নতুন গৱেষণাৰ তথ্য : ডেল্টা প্রজাতিৰ সংক্রমণে শংকা বৃদ্ধি কৰিছে গৰ্ভৱতী মহিলাৰ

000 8YH27N

ক’ভিডৰ ডেল্টা প্রজাতিৰ সংক্ৰমণৰ সন্দৰ্ভত উদ্বেগ বৃদ্ধি কৰিলে মার্কিন গৱেষকে চলােৱা শেহতীয়া এক অধ্যয়নৰ তথ্যই।

মার্কিন গৱেষকৰ তথ্য অনুসৰি প্রতিষেধক গ্রহণ নকৰা গৰ্ভৱতী মহিলাৰ মাজত ক’ভিডৰ ডেল্টা প্রজাতিৰ সংক্ৰমণৰ শংকা সর্বাধিক প্রত্যক্ষ হৈছে।

টেক্সাছৰ ডালাছ চহৰৰ ডেৰ হেজাৰৰাে অধিক ক’ভিড আক্রান্ত গৰ্ভৱতী মহিলাক সামৰি চলােৱা অধ্যয়নত এই তথ্য প্রকাশ পাইছে।

ক’ভিড আক্রান্ত ৮২ মহিলাই অসুস্থবােধ কৰাত তেওঁলােকক চিকিৎসালয়ত ভর্তি কৰােৱা হৈছিল। গুৰুতৰভাৱে ক’ভিড আক্রান্ত হােৱা এই ৮২ গৰ্ভৱতী মহিলাই ৮১ গৰাকীয়ে ক’ভিড প্রতিষেধক গ্রহণ কৰা নাছিল।

এই মহিলাকেইগৰাকীৰ ১০ গৰাকীক ভেন্টিলেচনত ৰখা হৈছিল আৰু ইয়াৰে দুগৰাকী মৃত্যু হৈছিল। মার্কিন গৱেষকৰ তথ্য অনুসৰি প্রতিষেধক গ্রহণ নকৰিলে গৰ্ভাৱস্থাত ডেল্টা প্রজাতিৰ কৰ’নাত আক্রান্ত হােৱাৰ যথেষ্ট শংকা আছে আৰু এনে পৰিস্থিতিত আক্রান্তই প্রাণহানিৰ শংকাও অধিক প্রত্যক্ষ হৈছে।

আমেৰিকান জাৰ্ণেল অব অবষ্টেটিক্স এণ্ড গাইনক’লজি শীর্ষক পত্রিকাত এই অধ্যয়নৰ সবিশেষ তথ্য প্রকাশ পাইছে।

Exit mobile version