Javed Akhtar : আৰ এছ এছৰ সম্পৰ্কে ‘অপমানজনক’মন্তব্য !জাভেদ আখতাৰৰ বিৰুদ্ধে এফ আই আৰ মুম্বাই আৰক্ষীৰ

javed pic 1

আৰ এছ এছ ৰ সম্পৰ্কত ‘আপত্তিকৰ’ মন্তব্যৰ বাবে মুম্বাই আৰক্ষীয়ে এখন এজাহাৰ পঞ্জীয়ন কৰিলে গীতিকাৰ জাভেদ আখটাৰৰ বিৰুদ্ধে ।

মুম্বাইৰ মুলুন্দ আৰক্ষী থানাত সন্তোষ দুবে নামৰ এজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এজাহাৰ খন পঞ্জীয়ন কৰে। মুম্বাই আৰক্ষীয়ে কয়, “ভাৰতীয় দণ্ডবিধিৰ ৫০০ ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰা হৈছে ।”

মাললুণ্ড ৱেষ্টৰ বাসিন্দা দুবেই আৰক্ষীক জনাইছে তেওঁ আৰ এছ এছৰ সমৰ্থক। জাভেদ আখটাৰে তেওঁৰ সাক্ষাৎকাৰত আৰএছ‌এছ-ক অপমান কৰিছিল। তেওঁ লগতে কয়, ‘মই ছেপ্টেম্বৰত ইউটিউবত সেই সাক্ষাৎকাৰটো দেখিছিলো ।

জাভেদ আখটাৰে তেওঁৰ সাক্ষাৎকাৰত আৰ এছ এছক তালিবানৰ স’তে তুলনা কৰিছিল । সেই ভিডিঅ’টোৰ স’তে, মই জাভেদৰ সাক্ষাৎকাৰৰ এটা প্ৰতিলিপি আৰক্ষীৰ ওচৰত দাখিল কৰিছো । আৰক্ষীয়ে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। এতিয়া মই দণ্ডাধীশৰ আদালতলৈ যাম ।’

সন্তোষ দুবেই যোৱা মাহত জাভেদ আখটাৰলৈ আৰ এছ এছৰ বিৰুদ্ধে “ভুৱা আৰু মানহানিৰ” মন্তব্য কৰাৰ বাবে আইনী জাননী প্ৰেৰণ কৰিছিল ।

জাভেদে এটা টিভি সাক্ষাৎকাৰত আৰ এছ এছক তালিবানৰ স’তে তুলনা কৰিছিল । এইটোৱেই অভিযোগ কৰা হৈছে। দুবেই জাভেদ আখটাৰক মন্তব্যটোৰ বাবে ক্ষমা বিচাৰিবলৈ কয় ।

তেওঁ দাবী কৰিছিল যে জাভেদ আখটাৰে এনে মন্তব্য কৰি দণ্ডবিধিৰ ৪৯৯ ধাৰাৰ অধীনত অপৰাধ কৰিছিল। জাভেদ আখটাৰে সেই জাননীৰ পাছত ক্ষমা বিচৰা নাছিল। তেতিয়াই তেওঁৰ নামত এখন এজাহাৰ দাখিল কৰা হৈছিল।

Exit mobile version