Ranoj Pegu : কোচৰাজবংশী সাহিত্যসভাৰ সজাতি দলৰ স’তে অসমৰ শিক্ষামন্ত্ৰীৰ বৈঠক

WhatsApp Image 2021 10 05 at 7.21.46 PM

কোচৰাজবংশী সাহিত্যসভা কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° দ্বিজেন্দ্ৰ নাথ ভকত আৰু সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত এটা সজাতি দলে অসমৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ আমন্ত্ৰণ মৰ্মে শিক্ষা মন্ত্ৰীৰ চৰকাৰী কাৰ্যালয় কক্ষত এক আলোচনাত মিলিত হয় । উক্ত আলোচনা সভাতেই ১৯ দফীয়া দাবী সম্বলিত এখন স্মাৰক-পত্ৰও প্ৰদান কৰে সাহিত্যসভাৰ সজাতি দলটোৱে ।

অসমৰ শিক্ষা মন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা দাবীসমূহৰ ভিতৰত প্ৰাক্‌-প্ৰাথমিক আৰু প্ৰাথমিক স্তৰৰ পৰা নতুন শিক্ষা আঁচনিমৰ্মে মাতৃভাষা হিচাপে ৰাজবংশী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলন কৰা, ৰাজবংশী ভাষাৰ পাঠ্যপুথি,‌ ব্যাকৰণ, ইতিহাস, অভিধান আৰু অন্যান্য গ্ৰন্থ প্ৰস্তুত কৰা আৰু প্ৰকাশৰ বাবে আৰ্থিক মঞ্জুৰী প্ৰদান কৰা, ৰাজবংশী ভাষাক ভাৰতীয় সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভূক্ত কৰা, উচ্চ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত নৃত্য কলাকৃষ্টিক সন্নিৱিষ্ট কৰা আৰু ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন কৰা ।

লগতে, পাঁচ হেজাৰ শিক্ষকক নিযুক্তি দিয়া, কোচৰাজবংশী সাহিত্যসভাৰ কাৰ্যালয়ৰ বাবে গুৱাহাটীত ঘৰ মাটিৰ চৰকাৰৰ পৰা আবন্টন দিয়া আদি । এই কথা আজি কোচৰাজবংশী সাহিত্যসভাৰ শক্তি আশ্ৰমস্থ মুখ্য কাৰ্যালয় গিৰিজাভূষণ ৰায় ভৱনত সংবাদমেল পাতি সদৰী কৰে কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদজনে ।

উক্ত সংবাদ মেলতেই বৰ্মনে উল্লেখ কৰে যে, কেএচি-ৰ স’তে আলোচনা কৰি কোচৰাজবংশী সাহিত্যসভাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত নিজৰ কলা-কৃষ্টিৰ প্ৰদৰ্শনাৰ্থে এখন সমৰোহ উৎসৱ পতাৰ ব্যৱস্থা কৰিব ৷ ইয়াৰ উপৰি কোচৰাজবংশী সম্প্ৰদায়ক অনুসূচীত জনজাতি (ST) হিচাপে স্বীকৃতিৰ আহ্বান, কামাখ্যা মন্দিৰ প্ৰাংগনত আৰু শংকৰদেৱ কলাক্ষেত্ৰত নৰনাৰয়ণ আৰু চিলাৰায়ৰ স্মৃতি সংগ্ৰাহলয় নিৰ্মাণকে ধৰি ৰাজবংশী ভাষাত লিখা ৫০জন লেখক/লেখিকাক ৫০ হেজাৰ টকাৰ আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে ৷

এই দাবীসমূহ অলপ দিনৰ ভিতৰতে ফলপ্ৰসূ কৰিব বুলিও মন্ত্ৰী পেগুৱেও প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলি সংবাদ মেলতেই প্ৰকাশ কৰে সাহিত্যসভাৰ সম্পাদকজনে ।

Exit mobile version