Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Culture

ক’ভিডৰ আতংক মাজতেই শাৰদীয় দুৰ্গোৎসৱৰ বতৰ, প্ৰস্তুতি আৰম্ভ

জাকজমকতা অবিহনেই দুৰ্গা দেৱীৰ আৱাহন

publisher by publisher
October 6, 2021
in India, News
Reading Time: 1 min read
0
ক’ভিডৰ আতংক মাজতেই শাৰদীয় দুৰ্গোৎসৱৰ বতৰ, প্ৰস্তুতি আৰম্ভ
2
SHARES
19
VIEWS
ShareShareShareShare

সম্পূৰ্ণকৈ মাৰ যােৱা নাই ক’ভিডৰ আতংক। ক’ভিডত এতিয়াও প্রতিদিনে শতাধিক লােক আক্রান্ত হৈ আছে। ইয়াৰ মাজতে ক’ভিডে স্তব্ধ কৰি পেলােৱা জনজীৱনত কিছু গতিশীলতা প্রদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে সময়ে সময়ে নতুন নীতি-নির্দেশনা প্রকাশ কৰি আহিছে।

বিগত বৰ্ষত দেশত সম্পূৰ্ণৰূপে তলাবন্ধ ঘােষণা কৰিছিল কেন্দ্রীয় চৰকাৰে। তাৰ পৰৱৰ্তী সময়ত আক্রান্তৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰসমূহে সান্ধ্য আইন বলৱ কৰে। সান্ধ্য আইনৰ মাজতেই বিগত বৰ্ষত ৰাজ্যবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰে বিহু, পূজাৰ লগতে অন্যান্য উৎসৱ-পাৰ্বণ।

এইবেলি পূর্বৰ তুলনাত ক’ভিডৰ প্রতিবন্ধকতাত কিছু শিথিলতা অনা হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম পালনেৰে আগন্তুক শাৰদীয় দুর্গোৎসৱ উদ্যাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী।

সম্প্রতি দুর্গা পূজাক লৈ ৰাজ্যবাসীৰ উছাহৰ অন্ত নাই। ক’ভিডৰ শংকা থাকিলেও দুর্গা পূজাৰ বাবে প্রস্তুতি চলাইছে।ৰাজ্যবাসীয়ে। পূজা উদ্যাপন সমিতিবােৰেও আৰম্ভ কৰিছে পূজাৰ প্রস্তুতি। সম্প্রতি ৰাজ্যৰ অন্যান্য স্থানৰ লগতে গুৱাহাটী মহানগৰীতাে দুর্গা পূজাৰ আয়ােজন চলিছে।

সমিতিবােৰে আৰম্ভ কৰিছে মণ্ডপ নির্মাণ, আলােকসজ্জাৰ কাম। অৱশ্যে এইবাৰ জাকজমকতা নহয়, অনুষ্টুপীয়াকৈ আয়ােজন কৰিছে পূজা। পূজাৰ বাবে ধার্য কৰা নাই বৃহৎ বাজেট। কলকাতাৰ প্রসিদ্ধ পেণ্ডেল ডেকটেছ,মৃন্ময় মূর্তিৰ পৰিৱর্তে এইবাৰ উদ্যোক্তাই থলুৱা প্রতিমা আৰু থলুৱা লােকেৰে আলােকসজ্জাৰ কাম কৰাইছে বুলি জানিবলৈ দিয়ে।

৭২ৰ পূজাৰ পৰিৱেশ ঘূৰাই অনা হ’ব ৰেষ্টকেম্প কালীবাৰীৰ পূজা মণ্ডপত

মহানগৰীৰ অন্যতম পাণ্ডুৰ ৰেষ্টকেম্প কালীবাৰী দুর্গা পূজা সমিতিয়ে অনুষ্টুপীয়াকৈ আয়ােজন কৰিছে এইবাৰৰ পূজা। প্রতি বছৰে বিশেষ বিষয়বস্তু লৈ মণ্ডপ নির্মাণ কৰি পূজা অনুষ্ঠিত কৰি ভক্তপ্ৰাণ ৰাইজক আকর্ষিত কৰি অহা এই দুর্গা পূজা মণ্ডপত বিগত বৰ্ষৰ দৰে এইবাৰাে নাথাকিব বিশেষ আকর্ষণ। ভক্ত-দর্শনার্থীয়ে দেখিবলৈ নাপাব কলকাতাৰ প্রসিদ্ধ আলােকসজ্জাৰ কাৰুকার্য। নাথাকিব ক্ষুদ্র মেলা, বৃহৎ প্রতিমা। চকু ছাট মৰা সাজ-সজ্জা, অলংকাৰেৰে বিভূষিতা দেৱীৰ প্ৰতিমাৰ পৰিৱর্তে এইবাৰ মণ্ডপত ৰাইজে দেখিবলৈ পাব ৭০ দশকৰ প্রতিমা।

পুৰণি দিনৰ পূজাৰ পৰিৱেশ এটা ৰেষ্টকেম্প কালীবাৰীৰ পূজা মণ্ডপত সৃষ্টি কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্দিৰ সমিতিৰ সম্পাদক তাপশ নাহাই। তেওঁ কয়, ‘একেবাৰে সাধাৰণভাৱে আমি পূজাৰ আয়ােজন কৰিছাে যদিও পূজাৰ বৈদিক কাম-কাজখিনি প্রতি বছৰৰ দৰেই নিয়াৰিকৈ হ’ব। কেৱল জাকজমকতা পৰিহাৰ কৰা হৈছে। ৭৩ সংখ্যক এই পূজাখনে ২০২৩ত ৰজত জয়ন্তী পালন কৰিব। আমি প্রতি বছৰে অতি ধুমধামেৰে পূজা নুষ্ঠিত কৰি আহিছাে। ৰেষ্টকেম্পৰ পূজা মণ্ডপ সমগ্র দেশতে পৰিচিত। কলকাতাৰ পৰা বিশেষভাৱে অনা হয় মণ্ডপ ডেকটেছ, প্রতিমা, ঢাক আৰু আলােকসজ্জাৰ শিল্পী। ৩০-৩২ লাখ টকাৰ বাজেট থাকে প্রতি বছৰে। ৰাইজৰ দান-বৰঙণিও থাকে সেই ধৰণে; কিন্তু ক’ভিড মহামাৰীৰ বাবেই বিগত বৰ্ষৰ দৰে এইবাৰাে কেৱল আধ্যাত্মিকতা বৰ্তাই ৰখাৰহে চেষ্ট কৰা হ’ব।’

এইবাৰ পূজাৰ বাজেট তিনি লাখ বুলি সদৰী কৰি নাহাই লগতে কয়, ‘বিশেষ আকর্ষণ বুলিবলৈ এয়ে যে ১৯৭২-৭৩ৰ সময়লৈ আমি সকলােকে লৈ যাব বিচাৰিছাে। সেই সময়ত এই পূজা মণ্ডপত যি ধৰণৰ প্রতিমা স্থাপন কৰা হৈছিল, এইবাৰাে সেই ধৰণৰ প্ৰতিমা প্রতিষ্ঠা কৰা হ’ব। বহুতে এই পূজালৈ আহি নষ্টলজিক হৈ পৰিব। এইবাৰ প্ৰতিমাৰ উচ্চতা হ’ব ১০ ফুট। সম্পূর্ণ বগা ৰঙৰ প্ৰতিমাৰ অলংকাৰবােৰাে হ’ব থার্ম’কলৰ। আলােকসজ্জাও সাধাৰণ হ’ব। তাহানিৰ দিনৰ দৰে। আনবাৰ আমি কলকাতাৰ শিল্পীৰে প্রতিমা নির্মাণ কৰাও। আগতে কোচবিহাৰৰ সাত-আঠজনকৈ ঢাকি অনা হয়। আলােকসজ্জাৰ কাম কলকাতাৰ শিল্পীয়ে কৰিছিল; কিন্তু এইবাৰ সকলাে স্থানীয় লােকে কৰিছে। ঢাকী দুজনহে আনিছাে। পূজাৰ সকলাে কাম বিধিগতভাৱে সম্পন্ন হ’ব। কেৱল নাথাকিব জাকজমকতা।’

থ্রী ডি বেকগ্রাউণ্ডেৰে সজোৱা হ’ব বেলতলা লক্ষ্মী মন্দিৰৰ পূজা মণ্ডপ

আধ্যাত্মিকতাৰ দিশটোত অধিক গুৰুত্ব প্রদান কৰি এইবাৰ দুর্গা পূজাৰ আয়ােজন কৰিছে ৫৩সংখ্যক মৈদাম বেলতলা লক্ষ্মীমন্দিৰ সার্বজনীন দুর্গা পূজা সমিতিয়ে। সমিতিৰ সম্পাদক গণেশ দাসে জনােৱা অনুসৰি, ক’ভিড বিধি পালনেৰে বিগত বৰ্ষৰ দৰে এইবাৰাে পূজাৰ আয়ােজন কৰা হৈছে। তেওঁ কয়, ‘আমি সকলাে প্রট’কল পালন কৰিম। আমি প্রতিবছৰে থলুৱা শিল্পীৰ প্রতিমা, আলােকসজ্জাৰে পূজাভাগ অনুষ্ঠিত কৰি আহিছাে। পূজাৰীকে ধৰি আমাৰ সমিতিৰ সকলােৱে ইতিমধ্যে দুয়ােপালি প্রতিষেধক লৈছে। আমি পূজালৈ অহা ভক্তপ্ৰাণ ৰাইজকো চৰকাৰী নীতি-নিদের্শনা মানি পূজালৈ আহিবলৈ অনুৰােধ জনাইলাে। এইবাৰ আমাৰ পূজাৰ বাজেট চাৰে তিনি লাখ টকা।’

পূজাৰ কেইদিন ঢাকী বা ঢাক বজোৱা, ওজাপালিৰ অনুষ্ঠান থাকিব যদিও ক’ভিড নীতি-নির্দেশনাৰ বাবেই এইবাৰ পূজা সমিতিয়ে ভক্তৰ বাবে ভােগৰ কৰা নাই। এই কথা সদৰী কৰি পূজা সমিতিৰ সম্পাদক দাসে কয়, “জাকজমকতা নাই যদিও এইবাৰ পূজাৰ মণ্ডপত আৰ্টৰ বেকগ্রাউণ্ড থাকিব। কিছু ‘ৰিয়েলিষ্টিক লুক’ এটা দিয়াৰ চেষ্টা কৰা হ’ব। ৰাইজে ভাল পাব বুলি আশা কৰিছো।’

আলােকসজ্জা বিহীন পূজা নয়নতৰা ক্লাবত

ADVERTISEMENT

বিশেষ আলােকসজ্জাৰ বাবে জনাজাত গুৱাহাটীৰ কুমাৰপাৰাস্থিত নয়নতৰা ক্লাবৰ পূজাথলীত এইবাৰ নাথাকে কোনাে বিশেষ আয়ােজন। জাকজমকীয়া আলােকসজ্জাৰ পৰিৱর্তে সাধাৰণ পােহৰৰ ব্যৱস্থা কৰিছে ক্লাবে। তদুপৰি এইবাৰ ক্লাবৰ বাকৰিত পূজা অনুষ্ঠিত কৰাৰ পৰিৱর্তে বুঢ়াগােহাঁই থানত বিধিগতভাৱে পূজাৰ আয়ােজন কৰা হৈছে বুলি ক্লাবৰ সভাপতি গৌতম দাসে জানিবলৈ দিয়ে। তেওঁ জনােৱা অনুসৰি, এইবাৰ চাৰি ফুটৰ দুর্গা প্রতিমা স্থাপন কৰা হ’ব। প্রতি বছৰে ক্লাবে বিশেষ থিম লৈ সেই অনুসৰি প্রতিমা নির্মাণ কৰে যদিও বিগত বৰ্ষৰ কৰা কৰ’নাৰ বাবে বিষয়বস্তু সম্বলিত পূজাৰ পৰা বিৰত আছে ক্লাব।

RelatedPosts

Nalbari:বিল্বেশ্বৰ দেৱালয়ত নৱমীত ৪৭ টা ম’হ বলি-উছর্গা, কাশীৰ পণ্ডিতৰে আৰতি

Maha saptami:জুবিন গাৰ্গবিহীন অনুভৱেৰে নিমাওমাও পূজাৰ মণ্ডপ সমূহ,সকলোতে ম্লান পূজাৰ উছাহ

মহানৱৰ্মীত হ’ব কে’বাটাও ম’হ বলি

প্রতি বছৰে ১৫-১৭ লাখ বাজেট থাকে যদিও এইবাৰৰ বাজেট দুই লাখ ধার্য কৰা হৈছে বুলি জানিবলৈ দি দাসে কয়, “আমাৰ পূজাৰ আলােকসজ্জাৰ এটা নাম আছে। কলকাতাৰ চন্দন নগৰৰ বিখ্যাত আলােকসজ্জাকাৰৰ দ্বাৰা আমি কাম কৰাওঁ, কিন্তু বিগত বৰ্ষৰ পৰা আমি সাধাৰণভাৱে পূজা অনুষ্ঠিত কৰি আহিছাে। আমি ভাবাে, ক’ভিড এতিয়াও শেষ হােৱা নাই। আমাৰ বাবে যাতে ৰাইজ তৃতীয় ঢৌৰ কৱলত নপৰে সেই বাবে আমি পূজা সাধাৰণভাৱে আয়ােজন কৰিছাে। আমি ৰাইজৰ বাবে পুৰােহিতৰ মন্ত্র মাইকৰ জৰিয়তে শুনাৰ ব্যৱস্থা কৰিম, যাতে ৰাইজে ঘৰতে থাকি দেৱীক আৰাধনা কৰিব পাৰে।’

উল্লেখ্য যে গুৱাহাটী সার্বজনীন দুর্গা পূজা সমিতি, লতাশিল সনাতন ধর্মসভা (হৰিসভা), শান্তিপুৰ সুইচগেট সার্বজনীন দুর্গা পূজা কমিটীয়েও অনুষ্টুপীয়াকৈ আয়ােজন কৰিছে পূজা। সুইচগেট পূজা কমিটীৰ সম্পাদক নীলাভজ্যোতি দাসে কয়, ‘পূজা হ’ব, কিন্তু অতি সাধাৰণভাৱে। আমি কোনাে দান- বৰঙণি লােৱা নাই কাৰাে পৰা। এইবাৰ পূজাৰ বাজেট দুই লাখ। সাত ফুটৰ প্ৰতিমা থাকিব। এইবাৰ আলােকসজ্জা নাথাকিব। ‘আনহাতে, ১০৬সংখ্যক পূজা অনুষ্ঠিত কৰা হ’ব অসমৰ ঐতিহ্যমণ্ডিত পাণবজাৰৰ সনাতন ধর্মসভা (হৰিসভা)ত।

সনাতন ধর্মসভাৰ সাধাৰণ সম্পাদক সুৰেশ চন্দ্র ভট্টাচার্যই জনােৱা অনুসৰি, সকলাে ক’ভিড বিধি পালন কৰি পূজা অনুষ্ঠিত কৰা হ’ব। এইবাৰ তেওঁলােকৰ পূজাৰ বাজেট চাৰে তিনিৰ পৰা চাৰি লাখ। তেনেদৰে গুৱাহাটী সার্বজনীন দুর্গাপূজা কমিটীৰ সম্পাদক বিজিত প্রদীপ দাসে এইবাৰ চাৰে চাৰি ফুট উচ্চতাৰ প্রতিমা পূজা মণ্ডপত প্রতিষ্ঠা কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ কয়, ‘বিগত বৰ্ষত ঘট পূজা অনুষ্ঠিত কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি পূৰ্বতকৈ কিছু উন্নত হােৱাৰ বাবে প্রতিমা অনাৰ সিদ্ধান্ত লােৱা হৈছে। মেলা বা অন্যান্য অনুষ্ঠান এইবাৰ আয়ােজন কৰা নহ’ব। এইবাৰ আমাৰ ৪১সংখ্যক দুর্গা পূজা।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19Durga Puja
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d