Maha saptami:
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ। একেদৰে আজি মহাসপ্তমীও ৷ কালৰাত্ৰিৰ ৰূপত মা দুর্গাক পূজা-অৰ্চনা দিন । কিন্ত জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্য ৷জুবিন গাৰ্গবিহীন অনুভৱেৰে নিমাওমাও পূজাৰ মণ্ডপ সমূহ। পূজাত নাই মাদকতা, স্বাভাৱিক উছাহ-উদ্দীপনা৷ প্ৰিয় শিল্পীৰ মৃত্যুত শোকত মিয়ম্ৰান ৰাজ্যবাসীয়ে এইবাৰ অকল আধ্যাত্মিক পৰম্পৰাৰেহে দুৰ্গা পূজা অনুষ্ঠিত কৰিছে ৷
মণ্ডপে প্রয়াত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু তেওঁৰ কালজয়ী গীতসমূহ শুনিবলৈ পোৱা গৈছে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটীতো পূজাৰ মণ্ডপসমূহৰ একেই পৰিৱেশ। মহানগৰীখনত সৰু-বৰ প্ৰায় ছয় শতাধিক পূজা অনুষ্ঠিত হৈছে আৰু প্ৰতিখন পূজাস্থলীতে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আনহাতে, যুগে যুগে চলি অহা পৰম্পৰাক অক্ষুণ্ণ বাখি মঠ-মন্দিৰ, দেৱালয়সমূহত চলিছে দেবী দুর্গাক পূজন৷
উল্লেখ্য যে সপ্তমীৰ দিনটোৰ পৰাই পৰম্পৰা অক্ষুণ্ণ ৰাখি কামাখ্যা মন্দিৰ, উগ্ৰতাৰা দেৱালয়কে ধৰি বহুকেইখন পৌৰাণিক মঠ-মন্দিৰত বলিৰ পৰ্ব আৰম্ভ হ’ব। এই বলিত ভক্তসকলে কোমোৰা, হাঁহ, ছাগলী, ম’হ আদি আগবঢ়ায়। উগ্রতাৰা দেৱালয়ত বর্তমানলৈকে ছটা ম’হ বলিৰ বাবে নিশ্চিত হৈছে বুলি দেউৰী কৈলাশ শৰ্মাই সদৰী কৰিছে। তদুপৰি দেৱালয়খনত কে’বা শতাধিক হাঁহ, ছাগলী প্রত্যেক বছৰে পূজাৰ সময়ছোৱাত ভক্তসকলে পূজাব বাবে আগবঢ়াই আহিছে। ব্যতিক্রম নহয় মা কামাখ্যা দেৱালয়তো। কামাখ্যাত সপ্তমীৰ দিনটোৰ পৰা ম’হ বলি আৰম্ভ হ’ব। সপ্তমীৰ পৰা নৱমীলৈ প্রত্যেক দিনাই সাতকৈ ম’হ বলি দিয়া হ’ব বুলি কর্তৃপক্ষই সদৰী কৰিছে। উল্লেখ্য যে নীলাচল পাহাৰৰ বুকুত অৱস্থিত প্ৰাক্ ঐতিহাসিক কামাখ্যা দেৱালয়ত দুর্গা পূজা উপলক্ষে পূজা-অর্চনা মহালয়াৰ দিনটোৰ পৰাই আৰম্ভ হৈছে। দুর্গা পূজাৰ দিনকেইটাত প্রাচীন মন্দিৰটোত আশীৰ্বাদ ল’বলৈ হেজাৰ হেজাৰ ভক্তই ভিৰ কৰে ৷
ইতিমধ্যে গুৱাহাটী মহানগৰ সহ ৰাজ্যৰ সকলো পূজা কমিটিয়ে দুর্গোৎসৱৰ সাংস্কৃতিক কার্যসূচী সমূহ বাতিল কৰিছে ৷ আজি মহাসপ্তমী উপলক্ষে মহানগৰীৰ প্ৰায়বোৰ পূজা মণ্ডপত পূবৰ দৰে ভিৰ নাই । সকলোতে ম্লান পূজাৰ উছাহ ৷






























